নিউজ ডেস্কঃ অসমত উপস্থিত হৈছে বলিউডৰ জনপ্ৰিয় অভিনেতা হৃত্বিক ৰোছন। চাৰ্টাৰ্ড ফ্লাইটেডেৰে তেজপুৰৰ বায়ুসেনাৰ ঘাটিত উপস্থিত হয় অভিনেতাগৰাকী। 

‘Fighter’ ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে আজি তেওঁ আহি উপস্থিত হয় তেজপুৰত। জানিব পৰা মতে, এই ছবিখনত হৃত্বিকে এগৰাকী বায়ু সেনাৰ পাইলটৰ চৰিত্ৰত অভিনয় কৰিব। 

তেওঁৰ লগতে অসমলৈ আহিছে ছবিখনৰ পৰিচালক সিদ্ধাৰ্থ আনন্দ। উল্লেখ্য যে, এই ছবিখনত হৃত্বিক ৰোছনৰ সৈতে অভিনয় কৰিব বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে।

তথ্য অনুসৰি ১০ দিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত থাকিব ফাইটাৰ ছবিখনৰ দলটো। চিত্ৰগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা স্থানত অৰ্থাৎ অসমৰ তেজপুৰৰ বায়ুসেনা ঘাটীত অভিনেত্ৰী দীপিকা পাডুকন আৰু অনিল কাপুৰে আহি পোনে পোনে তেওঁলোকক যোগদান কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply