নিউজ ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২৩–২৪ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট (Union Budget 2023) দাখিল কৰে। তেওঁ বাজেটত ভাষণৰ সময়ত উল্লেখ কৰে যে, ভাৰতীয় অৰ্থনীতি সঠিক পথত আছে এক উজ্জ্বল ভৱিষ্যতৰ দিশে দেশ আগবাঢ়ি গৈছে । 

লগতে তেওঁ কয় যে, তেওঁলোকে কোৰোনা মহামাৰীৰ সময়ত ২৮ মাহৰ বাবে ৮০ কোটিৰো অধিক লোকক বিনামূলীয়া খাদ্যশস্য যোগান ধৰাৰ পৰিকল্পনাৰ সৈতে যাতে কোনেও ভোকত শুব লগা নহয় সেয়া নিশ্চিত কৰিছিল।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়- বিশ্বব্যাপী প্ৰত্যাহ্বানৰ এই সময়ত ভাৰতৰ G20য়ে দেশক বিশ্ব অৰ্থনৈতিক ব্যৱস্থাত ভাৰতৰ ভূমিকা শক্তিশালী কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰিছে। প্ৰত্যেক ব্যক্তিৰ উপাৰ্জন পৰিমান  দুগুণতকৈও অধিক হৈ ১.৯৭ লাখ টকালৈ বৃদ্ধি পাইছে। 

এই ৯ বছৰত, ভাৰতীয় অৰ্থনীতিৰ আকাৰ বিশ্বৰ দশমৰ পৰা পঞ্চম বৃহত্তম অৰ্থনীতিলৈ বৃদ্ধি হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২৩–২৪ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট (Union Budget 2023) দাখিল কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২৩–২৪ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট (Union Budget 2023) দাখিল কৰে।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত উল্লেখ কৰে যে, পশুপালন, দুগ্ধ জাত আৰু মীন পালনৰ ওপৰত গুৰুত্ব দি কৃষি ঋণৰ লক্ষ্য ২০ লাখ কোটি টকালৈ বৃদ্ধি কৰা হ’ব। লগতে তেও জনায় যে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ এক নতুন উপ-আঁচনিও ৬০ কোটি টকাৰ লক্ষ্যবিনিয়োগেৰে আৰম্ভ কৰা হ’ব।

বিত্ত মন্ত্ৰী সীতাৰমণে কয় যে- ২০১৪ চনৰ পৰা বৰ্তমানৰ ১৫৭ খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত ১৫৭ খন নতুন নাৰ্চিং মহাবিদ্যালয় নিৰ্মান কৰা হ’ব। বিশেষকৈ, জনজাতীয় লোকসকলৰ আৰ্থ-সামাজিক অৱস্থা উন্নত কৰাৰ বাবে পিএমপিবিটিজি উন্নয়ন মিছন আৰম্ভ কৰা হ’ব যাতে পিবিটিজি বসতিসমূহ মৌলিক সুবিধাৰে জীৱন নিৰ্বাহ কৰিব পাৰে।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩-২৪ বৰ্ষৰ বাজেটত ৭টা মুখ্য অগ্ৰাধিকাৰ তালিকাপ্ৰস্তুত কৰিছে। এই তালিকাখন হৈছে– সামগ্ৰিক বিকাশ, শেষ বিন্দুত উপনীত হোৱা, আন্তঃগাঁথনি আৰু বিনিয়োগ, সম্ভাৱনাৰ বিকাশ আঞ্চলিক বিমান সংযোগবৃদ্ধি।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত উল্লেখ কৰে যে আঞ্চলিক বিমান সংযোগ উন্নত কৰাৰ বাবে ৫০ টা অতিৰিক্ত বিমানবন্দৰ, হেলিপড, ৱাটাৰ এৰো ড্ৰোন, উন্নত অৱতৰণ ক্ষেত্ৰ পুনৰুজ্জীৱিত কৰা হ’ব।, সেউজ উন্নয়ন, যুৱ শক্তিৰ বিকাশ আৰু বিত্তীয় খণ্ড।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত কয় যে, কেৱাইচি (KYC)সৰলীকৰণ, সাধাৰণ চিনাক্তকৰ্তা হিচাপে পেন কাৰ্ড ব্যৱহাৰ কৰা হ’ব। কেৱাইচি(KYC)  প্ৰক্ৰিয়াটো সৰল কৰি আৰু নিৰ্দিষ্ট চৰকাৰী সংস্থাসমূহৰ সকলো ডিজিটেল প্ৰণালীৰ বাবে পেন কাৰ্ডক এক উমৈহতীয়া চিনাক্তকৰ্তা হিচাপে ব্যৱহাৰ কৰা হ’ব।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩-২৪ বৰ্ষৰ বাজেটত জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিৰ সৰ্বাধিক জমাৰ সীমা ১৫ৰ পৰা ৩০লাখলৈ বৃদ্ধি কৰা হ’ব।

২০২৩-২৪ বৰ্ষৰ বাজেট উপস্থাপনৰ সময়ত নিৰ্মলা সীতাৰমণে কয় যে, ‘‘পৰ্যটন বৃদ্ধিৰ বাবে মিছন মোডত কাম কৰা হ’ব।’’ তেওঁ কয় যে, ‘‘অমৃত কালৰ প্ৰতি আমাৰ পৰিকল্পনাৰ ভিতৰত আছে প্ৰযুক্তি-চালিত আৰু জ্ঞান-চালিত শক্তিশালী ৰাজহুৱা বিত্ত আৰু এক শক্তিশালী বিত্তীয় অৰ্থনীতি।’’ এই লক্ষ্য প্ৰাপ্ত কৰিবলৈ ‘সবকা সাথ, সবকা প্ৰয়াস’ৰ জৰিয়তে ‘জনসাধাৰণৰ অংশগ্ৰহণ’ প্ৰয়োজনীয় বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে আজি সংসদত বাজেট ভাষণৰ সময়ত উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply