নিউজ ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে মঙলবাৰে ইথানল চালিত প্ৰথমখন চাৰিচকীয়া বাহন দেশৰ বজাৰত মুকলি কৰা হৈছে। এই অনুষ্ঠানটিত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱো। 

পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ পাছত বিকল্প হিচাপে এই ইথানল চালিত বাহনখন পৰিগণিত হৈছে। পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ বহু কেইখন ৰাজ্যত ইতিমধ্যে শতকৰ ঘৰ পাৰ কৰিছে আৰু ইয়াৰ প্ৰভাৱ পৰিছে সৰ্বসাধাৰণ ৰাইজৰ জেপত।

ইথানেল চালিত বাহনখনৰ ক্ষেত্ৰত ইন্ধনৰ মূল্য কম হোৱাৰ লগতে বায়ু প্ৰদূষণৰ পৰিমানো তুলনামূলকভাৱে বহু কম।

উল্লেখ্য যে, ইথানেলৰ উৎপাদন কৰা হয় কুঁহিয়াৰৰ পৰা। আৰু মন কৰিবলগীয়া যে- ভাৰতত সমগ্ৰ বিশ্বৰ ভিতৰত আটাইতকৈ বেছি কুঁহিয়াৰ উৎপাদন কৰা হয়।

ইয়াৰ ফলত ভাৰতত ইথানলৰ উৎপাদন বৃহৎ পৰিমানে কৰিব পৰা যাব। ইয়াৰ প্ৰতি দৃষ্টি ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰেও ইথানল চালিত বাহন নিৰ্মাণৰ ক্ষেত্ৰত জোৰ দি আহিছে।

ভাৰতত টয়টা কোম্পানীয়ে পায়লট প্ৰজেক্টৰ অধীনত ফ্লেক্সী-ফিউল ষ্ট্ৰং হাইব্ৰিড ইলেক্ট্ৰিক বাহন চমুকৈ FFV-SHEV হিচাপে বজাৰত মুকলি কৰিছে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply