যোৰহাট – মাজুলীত অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানত মাহ-প্ৰসাদ খোৱাৰ পিছতে তিনিটা শিশুসহ প্ৰায় ১৮ জন লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰে। আটাইকেইজন লোক গড়মুৰৰ ওচৰৰ মহাৰিচুক অঞ্চলত এক ধৰ্মীয় অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে।
মাহ-প্ৰসাদ খোৱাৰ পিছত গুৰুতৰভাৱে পেটৰ বিষ আৰু বমিৰ সমস্যাত ভুগিছিল লোককেইজন।
পৰৱৰ্তী সময়ত তেওঁলোকক ততাতৈয়াকৈশ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। স্থানীয় প্ৰশাসনে জানিব দিয়া অনুসৰি তেওঁলোকৰ Food Poisoning হৈছে।