নিউজ ডেস্কঃ যদিহে আপুনি দিল্লীৰ নিবাহী আৰু মহানগৰীখনত নিজা বাহনত যাত্ৰা কৰে, তেন্তে ২৫ অক্টোবৰৰ ভিতৰত আপোনাৰ বাহনৰ Pollution Under Control Certificate উলিয়াব লাগিব অন্যথা আপুনি ইন্ধন লাভৰ পৰা বঞ্চিত হ’ব। দিল্লী চৰকাৰৰ পৰিবেশ বিভাগৰ মন্ত্ৰী গোপাল ৰায়ে এটি সংবাদমেলযোগে জনায় যে অনাগত দিনত শীতকালত হোৱা প্ৰদূণৰ মাত্ৰা হ্ৰাস কৰাৰ উদ্দেশ্যে চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে।

পৰিবেশ বিভাগৰ মন্ত্ৰী গোপাল ৰায়ে জনায় যে, শীতকালত বৰ্ধিত প্ৰদূষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰে ৩০ টা বিভাগৰ সহযোগত এক বৈঠকত মিলিত হৈ উইন্টাৰ এক্সন প্লেন তৈয়াৰ কৰি উলিয়াই কালি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৈ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ কয় যে- চৰকাৰে জনগণৰ সহযোগত প্ৰদূষণৰ হাৰ ১০ৰ পৰা ১৮ শতাংশ হ্ৰাস কৰাৰ প্ৰচেষ্টা হাতত লৈছে।

তেওঁ লগতে জনায় যে, দিল্লীত ১৫ পইন্টৰ এটি প্লেন তৈয়াৰ কৰা হৈছে, যাৰ কঠোৰ ব্যবস্থাপনাৰ প্ৰায় প্ৰতিটো বিভাগক সচেতন কৰা হৈছে, দিল্লীত আজিৰ পৰাই CAQM ৰ দ্বাৰা সংশোধিত GRAP বলবৎ কৰা হ’ল, আগতীয়াকৈ কৰা অনুমানৰ আধাৰত এই বছৰ ৩ দিনৰ আগতেই এক্সন প্লেন গ্ৰহণ কৰা হ’ব, যাৰ বাবে সকলো বিভাগক সজাগ কৰি তোলা হৈছে।

তেওঁ কয় যে, “১৫ পইন্ট প্লেনৰ ভিতৰত প্ৰথমে ৩ অক্টোবৰৰ পৰা ৱাৰ ৰূম আৰম্ভ হ’ব। ধূলি বিৰোধী অভিযান ৬ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। ইয়াৰ অধীনত, ৱেব পৰ্টেলত ৫০০ বৰ্গ মিটাৰতকৈ অধিক নিৰ্মাণ স্থান পঞ্জীয়ন কৰাটো বাধ্যতামূলক । লগতে, পাঁচ হাজাৰ বৰ্গ মিটাৰতকৈ অধিক স্থানত স্মক গান স্থাপন কৰা প্ৰয়োজন। ব্যক্তিগত সংস্থাবোৰে ইয়াৰ বাবে প্ৰস্তুতি চলাব লাগে।’’

পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয় যে- ‘‘দিল্লীত যানবাহনৰ প্ৰদূষণ প্ৰতিহত কৰিবলৈ বহুতো পদক্ষেপ লোৱা হয়, কিন্তু যেতিয়া প্ৰদূষণৰ স্তৰ বৃদ্ধি পায় পিইউচি অৰ্থাৎ Pollution Under Controlৰ প্ৰমাণপত্ৰ অবিহনে পেট্ৰ’ল পাম্পত পেট্ৰ’ল দিব নালাগে। দিল্লী চৰকাৰে ইয়াৰ বাবে প্ৰস্তুতি চলাই আছে। মাৰ্চ মাহত, আমি এই বিষয়ে পৰামৰ্শ বিচাৰিছিলো। পৰামৰ্শবোৰ ২ মে’ত আহিছিল। ২৯ ছেপ্টেম্বৰত পৰিবহন, পৰিৱেশ, আৰক্ষী আদি বিভাগৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি প্ৰস্তুতি আৰম্ভ কৰা হৈছে। ২৫ অক্টোবৰৰ পৰা, পিইউচি প্ৰমাণপত্ৰ অবিহনে দিল্লীৰ পেট্ৰ’ল পাম্পত পেট্ৰ’ল উপলব্ধ নহ’ব।’’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,587 other subscribers

Leave a comment

Leave a Reply Cancel reply