ভাৰত-চীন সীমান্তত সময়ে সময়ে সংঘৰ্ষ সৃষ্টি কৰাৰ লগতে মিলিটাৰী কেম্প, গাওঁ আদি নিৰ্মাণ কৰি আহিছে চীনে। যাৰ ফলত ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে চুবুৰীয়া ৰাষ্ট্ৰখনে। ইয়াৰ প্ৰতি দৃষ্টি ৰাখিয়েই ভাৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

উত্তৰ-পূৰ্বাঞ্চল আৰু চীনৰ সীমান্তৱৰ্তী এলেকাত ভাৰত চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা ছেলা সুৰংগৰ কাষতে মিছাইল ৰখাৰো ব্যৱস্থা কৰাৰ চিন্তা-চৰ্চা কৰা বুলি জানিব পৰা গৈছে। আপোনালোকে হয়তো জানে যে- অৰুণাচল প্ৰদেশত ২০২৩ চনৰ জুনৰ ভিতৰত এই ছেলা সুৰংগ মুকলি হোৱাৰ সম্ভাৱনা আছে। 

এই সুৰংগৰ লগতে national security planners অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিকল্পনাকাৰীসকলে ভৱিষ্যতে আন সুৰংগ নিৰ্মাণৰো চিন্তা কৰিছে, য’ত ৰখা হ’ব গোলা-বাৰুদ, মিছাইল, ক্ষেপণাস্ত্ৰ আদি। আৰু এনে কৰাটো ভাৰতৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয়ও। কিয়নো পূব লাডাখ আৰু অৰুণাচলপ্ৰদেশৰ সমীপতে চীনৰ সেনা বাহিনীয়ে bomb-proof underground shelter নিৰ্মাণ কৰিছে আৰু ছেলটাৰতে চীনে ৰাখিব ফাইটাৰ প্লেন, মিছাইল, ক্ষেপনাস্ত্ৰ আদি। আৰু এয়া ভাৰতৰ বাবে এক চিন্তনীয় বিষয়। 

তাৰ মাজতে এটা কথা উল্লেখ কৰি দিওঁ যে-  ৩৪৮৮ কিলোমিটাৰ দৈৰ্ঘ্য ভাৰত আৰু চীন সীমান্ত অৰ্থাৎ এল এ চি। আৰু Indian military planners য়ে সীমান্ত এলেকাৰ লোকেল বেটেলিয়ান কামাণ্ডাৰসকলক সকলো সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা প্ৰদান কৰিছে। 

উদাহৰণস্বৰূপে, যদি সীমান্ত এলেকাসমূহত যিকোনো ধৰণৰ সংঘৰ্ষ বা ঘটনা সংঘটিত হয় তেন্তে Special Operating Procedure ৰ মাধ্যমেৰে কামাণ্ডাৰসকলে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। 

গতিকে ভাৰত চৰকাৰে অৰুণাচলপ্ৰদেশত ছেলা সুৰংগৰ লগতে মিছাইল, অস্ত্ৰ-শস্ত্ৰ, বোমা বাৰুদ ৰখাৰ বাবে আন এক যি সুৰংগ নিৰ্মাণৰ কৰাৰ চিন্তা-চৰ্চা কৰিছে সেয়া যেন শীঘ্ৰেই সম্পূৰ্ণ হয় আৰু চীন বা আন শত্ৰু ৰাষ্ট্ৰই যেন কেতিয়াও ভাৰতক ক্ষতি কৰিব নোৱাৰে সেই আশাই ৰাখিছে প্ৰতিগৰাকী ভাৰতীয়ই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply