নিউজ ডেস্কঃ জি-২০ সন্মিলনত ভাগ ল’বলৈ অহা বিদেশী প্ৰতিনিধি আৰু ভাৰতৰ আন-আন বিশিষ্ট ব্যক্তিসকলে অসমৰ বৰ্ণাঢ্য ঐতিহ্য আৰু স্পন্দনশীল সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰিছে। ইয়াৰ বাবে পৰ্যটন বিভাগে নিখুঁতভাৱে সংস্কৃতি আৰু পৰম্পৰাৰাজি প্ৰদৰ্শনৰ এটি সন্ধিয়াৰ আয়োজন কৰিছিল।
উল্লেখ্য় যে, এখন সু-সজ্জিত নাৱেৰে প্ৰতিনিধিসকলক বালিচৰলৈ নিয়া হয় আৰু তাতেই ৭০০ শিল্পীয়ে পৰম্পৰাগত গায়ন-বায়ন, বিহু নৃত্য, ছিফুং আদি লোকনৃত্যৰ পৰিবেশনেৰে তেওঁলোকক উষ্ম আদৰণি জনোৱা হয়।
বিশেষকৈ অসমৰ জনগোষ্ঠীয় বৈচিত্ৰ্য প্ৰদৰ্শনৰ বাবে গঢ়ি তোলা এথনিক ভিলেজত প্ৰতিনিধিসকলে ৰাজ্যখনৰ নানা জনজাতিসমূহৰ পৰম্পৰাৰ প্ৰত্যক্ষ অভিজ্ঞতা আহৰণৰ সুযোগো লাভ কৰে। এই এথনিক ভিলেজত মিছিং, বড়ো, ডিমাছা, কাৰ্বি, ৰাভা, হাজংকে প্ৰমুখ্য কৰি অসমৰ ভিন্ন জনগোষ্ঠীৰ আভাস দাঙি ধৰা তথা এই জনগোষ্ঠীসমূহৰ ছটা বিভিন্ন লোক-নৃত্য আৰু পৰম্পৰাগত বাদ্য (ডবা, মৃদংগ), শংখ (conch), ভোৰতাল (cymbals) পৰিবেশন কৰা হয়।
জি-২০ ৰ প্ৰতিনিধিসকলৰ সন্মুখত পঞ্চদশ শতিকাৰ সমাজ সংস্কাৰক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট, শতিকা প্ৰাচীন ধ্ৰুপদী নৃত্য “সত্ৰীয়া” নৃত্যও পৰিবেশন কৰা হয়।
ইফালে, অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক আৰু পৰ্যটনৰ সচিব কুমাৰ পদ্মপানি বৰা (আইআৰএছ) য়ে কয় যে- “ৰাজ্যখনলৈ অৰ্থনৈতিক লাভৰ সন্ধান আৰু পৰ্যটনক উদ্দীপনা যোগানৰ এক অনন্য উপায় হৈছে সাংস্কৃতিক কুশলতা। আমি জি-২০ ৰ প্ৰতিনিধিসকলে গুৱাহাটী ভ্ৰমণেৰে অনন্য অভিজ্ঞতা লাভ আৰু ৰাজ্যখনৰ ৰন্ধন প্ৰকৰণৰ পৰম্পৰাৰ আভাস প্ৰদানৰ ওপৰিও বৰ্ণাঢ্য তথা প্ৰাণোচ্ছল প্ৰদৰ্শনেৰে প্ৰতিনিধিসকলক মুগ্ধ কৰি তুলিবলৈ আমাৰ প্ৰয়াসে তেওঁলোকক এৱেছম আছামৰ মূল আৰু আঞ্চলিক সোৱাদৰ সৈতে সংযুক্ত কৰিলে বুলি আশা কৰিছো”।