নিউজ ডেস্কঃ সোমবাৰে জি-২০ সন্মিলনত বিশ্বৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ গ্ৰহণ কৰিবলৈ বালিত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মঙলবাৰৰ পৰা এই জি-২০ সন্মিলন দুদিনীয়াকৈ আৰম্ভ হ’ব। ইয়াত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰীকে ধৰি ২০ খন মুখ্য অৰ্থনীতিৰ দেশৰ নেতা উপস্থিত থাকিব।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে সোমবাৰে কয় যে- বিশ্বব্যাপী অৰ্থনৈতিক বিকাশ পুনৰুজ্জীৱিত কৰা, খাদ্য আৰু শক্তি সুৰক্ষা নিশ্চিত কৰা আৰু স্বাস্থ্য আৰু ডিজিটেল পৰিৱৰ্তন সম্পৰ্কীয় বিষয়সমূহৰ দৰে প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁ বালিত জি-২০ নেতাসকলৰ সৈতে বিস্তৃত আলোচনা কৰিব।

ইফালে, এই সন্মিলনখনত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙো অংশগ্ৰহণ কৰাৰ কথা আছে। উল্লেখ কৰাৰ প্ৰয়োজন যে- জি-২০ হৈছে বিশ্বব্যাপী অৰ্থনৈতিক সহযোগিতাৰ এক প্ৰভাৱশালী সংগঠন। ই বিশ্বব্যাপী ঘৰুৱা উৎপাদনৰ (জিডিপি) প্ৰায় ৮৫ শতাংশ, বিশ্বব্যাপী বাণিজ্যৰ ৭৫ শতাংশতকৈ অধিক আৰু বিশ্বৰ জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশ প্ৰতিনিধিত্ব কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply