নিউজ ডেস্কঃ প্ৰথম জি-২০ বহনক্ষম বিত্ত আৰু কৰ্ম গোট (SFWG) ৰ বৈঠকৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ত মঙলবাৰে ‘এছডিজিৰ বাবে বিত্তীয় সাহায্যঃ এটি বহনক্ষম ভৱিষ্যতৰ ৰূপৰেখা’ (Financing for SDGs: Blueprint to achieve a Sustainable Future) বিষয়ক এখনি জি-২০ আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই জি-২০ আলোচনা চক্ৰখনি উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে। 

ইয়াত ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ উপদেষ্টা গীতু যোশীয়ে মুকলি ভাষণ প্ৰদান কৰে। তেওঁ জি-২০ৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি আৰু জি-২০ ক অসমৰ ৰাইজৰ মাজলৈ লৈ যোৱাটোৱেই এই কাৰ্য্যসূচীৰ অন্তৰ্নিহিত উদ্দেশ্য বুলি কয়।

ইয়াত আইআইএম, শ্বিলঙৰ সঞ্চালক ডঃ ডি. পি. গোৱেলে মূল ভাষণ প্ৰদান কৰে। ভাষণত ডঃ গোৱেলে আইআইএম, শ্বিলং আৰু বহনক্ষমতা ওতঃপ্ৰোতভাৱে জড়িত বুলি উল্লেখ কৰি বিষয়বস্তু সন্দৰ্ভত তেওঁৰ দৃষ্টিভংগী প্ৰকাশ কৰে। 

আৰবিআইৰ চিজিএম সুনীল নায়াৰে ‘এছডিজিৰ বিত্তীয় সাহায্যত বেংকসমূহৰ ভূমিকা’ সন্দৰ্ভত বিশেষ ভাষণ প্ৰদান কৰে, য’ত তেওঁ বেংক সমূহৰ প্ৰধান ভূমিকা আৰু এই ক্ষেত্ৰত বেংকসমূহে গ্ৰহণ কৰিবপৰা পদক্ষেপসমূহৰ সম্পৰ্কে আলোকপাত কৰে।

এই আলোচনা চক্ৰত দুই পেনেল আলোচনাও অনুষ্ঠিত হয়। ‘বহনক্ষম বিত্তীয় সাহায্যঃ এজেণ্ডা ২০৩০ ত উপনীত হ’বলৈ সন্মুখৰ পথ’ শীৰ্ষক প্ৰথম পেনেল আলোচনাত অধ্যক্ষতা কৰে শ্ৰী গীতু যোশীয়ে। 

পেনেলিষ্ট সকলৰ ভিতৰত আছিল উদ্যোগ বিশেষজ্ঞসকল যথাঃ ক্লাইমেট বণ্ডছ ইনিচিয়েটিভৰ নেহা কুমাৰ, চিডিপি ইণ্ডিয়াৰ প্ৰাৰ্থনা বৰা, অসম চৰকাৰৰ মুখ্য অৰ্থনীতিবিদ ডঃ ৰৌহিন দেৱ, ইণ্ডাছইণ্ড বেংকৰ ৰূপা সতীশ আৰু ইউনিচেফৰ ডঃ সৌমেন বাগচী। 

‘এছডিজিৰ বিত্তীয় সাহায্যত বিত্তীয় খণ্ডৰ নিয়ন্ত্ৰকসমূহৰ ভূমিকা’ শীৰ্ষক দ্বিতীয় পেনেল আলোচনাত অধ্যক্ষতা কৰে আৰবিআইৰ জিএম ব্রিজ ৰাজে। পেনেলিষ্টসকলৰ ভিতৰত আছিল বিত্তীয় খণ্ডৰ নিয়ন্ত্ৰক সমূহৰ জ্যেষ্ঠ বিষয়াসকল, যথাঃ আৰবিআইৰ অমিত সিনহা, ‘ছেবি’ ৰ সুৰভি গুপ্তা, আইআৰডিএআইৰ আম্মু ভেংকটৰমন আৰু আইএফএছচিএৰ অভিলাষ মুলকালা। 

উক্ত উভয় আলোচনাতে পেনেলিষ্টসকলে বিষয়বস্তু সন্দৰ্ভত তেওঁলোকৰ বিশাল অভিজ্ঞতাৰ আধাৰত উৎকৃষ্ট অন্তৰ্দৃষ্টি আগবঢ়ায় আৰু ‘এছডিজিসমূহৰ বিত্তীয় সাহায্য’ ৰ ওপৰত কেইবাটাও উপযোগী পৰামৰ্শ প্ৰদান কৰে। আলোচনা চক্ৰখনি মনোগ্ৰাহী হৈ উঠে আৰু অংশগ্ৰহণকাৰীসকলে ইয়াৰ শলাগ লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথে শলাগৰ শৰাই আগবঢ়ায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply