নিউজ ডেস্কঃ নতুন ৰূপত সজাই-পৰাই তোলা হৈছে গুৱাহাটী মহানগৰ। কিয়নো বিশ্বৰ বহু শীৰ্ষ নেতাৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হ’ব জি২০ সন্মিলন ২০২৩। ২০খন দেশে অংশগ্ৰহণ কৰিবলগীয়া এই বৈঠকৰ বাবে ইতিমধ্যে শিল্পীসকলৰ পৰশত প্ৰাণ পাই উঠিছে মহানগৰীৰ পদপথৰ দেৱাল সমূহ।

মহানগৰৰ প্ৰতিটো পথ-উপপথ সুন্দৰকৈ সজাই তোলাৰ লগতে পথত নতুন ৰং সানি পুৰণি বেনাৰ, হোৰ্ডিং আদি আঁতৰোৱা হৈছে। চহৰখনৰ প্ৰতিটো ডিভাইডাৰ আৰু সকলো ফ্লাইঅ’ভাৰ ৰঙীণ ৰূপত সজাই তোলা হৈছে৷ 

ইফালে, টিচি স্কুল, বি বৰুৱা মহাবিদ্যালয়, কটন কলেজিয়েট স্কুলৰ দেৱালত অংকন কৰা হৈছে সুন্দৰ ছবি৷ কটন কলেজিয়েট স্কুলৰ দেৱালত ডিমা হাচাওৰ একাংশ শিল্পীয়ে ভাৰতৰত্ন গোপীনাথ বৰদলৈ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক অংকন কৰিছে৷

ঠিক একেদৰে আকৰ্ষণীয় ৰূপত সজাই তোল হৈছে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ৷ উল্লেখযোগ্য যে, জি২০ ছামিটলৈ মাজত আৰু মাত্ৰ এটা দিন ৷ তেনে অৱস্থাত দেশৰ প্ৰতিনিধিৰ মাজত নিজৰ ৰাজ্যখন সুন্দৰকৈ দেখুওৱাৰ বাবে ল’ব লগা সকলো ব্যৱস্থা ইতিমধ্যে সাজু কৰি তুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে৷ 

ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ গড়কাপ্তানী, পৰ্যটন, বাণিজ্য তথা গুৱাহাটী মহানগৰ উন্নয়ন বিভাগ আৰু গুৱাহাটী পৌৰ নিগমক ভাগে-ভাগে দিয়া হৈছিল দায়িত্ব৷ যাৰ পৰিপেক্ষিতত এতিয়া দায়িত্ব পালন কৰাত ব্যস্ত হৈ পৰিছে প্ৰতিটো বিভাগ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply