নিউজ ডেস্কঃ আজি গণেশ পূজা উপলক্ষে পুৱাই ভক্তৰ ভিৰ দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত। মহানগৰীৰো গণেশগুৰিস্থিত গণেশ মন্দিৰত অগণন ভক্তই আহি সিদ্ধিদাতা গণেশৰ আশীষ লৈছে।
হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ আদি পূজ্য দেৱতা গণেশ। আৰু গণেশ চতুৰ্থীত ভগৱান গণেশ চৰণত পূজা আগবঢ়াইছে ভক্তসকলে।
গণেশগুৰিৰ গণেশ মন্দিৰৰ লগতে লতাশিল, নিউ গুৱাহাটী, নাৰেংগী আদি স্থানত থকা গণেশ মন্দিৰত আধ্যাত্মিকতাৰে ভক্তসকলে সেৱা আগবঢ়াইছে। ভক্তসকলে পৰিয়ালৰ মংগল কামনা কৰি ধূপ-ধূনা, চাকি-বন্তি, নৈবেদ্য আদিৰে কৰিছে পূজা অৰ্চনা।