নিউজ ডেস্কঃ প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে জ্যেষ্ঠ আইএএছ বিষয়া গৌৰৱ দ্বিবেদীক। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে সোমবাৰে দ্বিবেদীক বাছনি সমিতিৰ উপযুক্ত পৰামৰ্শৰ পিছত প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়ে।
তেওঁৰ কাৰ্যকাল দায়িত্ব গ্ৰহণ কৰাৰ পৰা পাঁচ বছৰৰ বাবে হ’ব। দ্বিবেদী ভাৰতীয় প্ৰশাসনিক সেৱাৰ ছত্তীশগড় কেডাৰৰ ১৯৯৫ বেচৰ বিষয়া।
ইয়াৰ পূৰ্বে জ্যেষ্ঠ আইএএছ বিষয়াগৰাকী চৰকাৰৰ নাগৰিক সম্পৰ্ক মঞ্চ ‘মাইগভইণ্ডিয়া’ৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল। উল্লেখ্য যে শশী শেখৰ ভেম্পতি ২০১৭ চনৰ পৰা ২০২২ চনলৈ প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল।