নিউজ ডেস্ক: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি অনুষ্ঠিত হৈছে নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী। এই কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
মুখ্যমন্ত্ৰীগৰাকীয়ে ১২০৮ গৰাকী মহিলা ষ্টাফ নাৰ্ছক নিযুক্তি পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণৰ জৰিয়তে নাৰ্ছসকলৰ ভূমিকা আৰু তেওঁলোকৰ সেৱাৰ ওপৰত আলোচনা কৰি কয় যে, নাৰ্ছ সকলৰ দক্ষতা বিকাশৰ বাবে জি এন এম নাৰ্চিং পাঠ্যক্ৰমত পৰিৰ্ৱতন কৰাৰ লগতে ইংৰাজী আৰু কম্পিউটাৰ শিক্ষাৰ পৰিকল্পনা হাতত লৈছে।
মুখ্যমন্ত্ৰী শৰ্মাই অসমৰ নাৰ্ছ সকলৰ দক্ষতা বৃদ্ধিৰ বাবে এই পৰিকল্পনা হাতত লৈছে। লগতে তেওঁ কয় যে- এই দক্ষতা আহৰণৰ অধিকাৰী হলে তেওঁলোকৰ বিকাশ বৃদ্ধি হ’ব।
ইয়াৰোপৰি অসমৰ পৰা ছিংগাপুৰ আৰু জাপান চৰকাৰৰ সৈতে জি এন এম নাৰ্ছ অথবা কেয়াৰ গিভাৰ হিচাপে পঠাব পৰা কথাও তেওঁ উল্লেখ কৰে। ইতিমধ্যে ২০০ গৰাকী মহিলা নাৰ্ছক ছিংগাপুৰ চৰকাৰে উত্তৰ-পূৱৰ পৰা নিৰ্বাচন কৰিছে।