নিউজ ডেস্কঃ গোৱালপাৰা মহাবিদ্যালয়ত আজিৰ পৰা দুদিনীয়া চিত্ৰ প্ৰদৰ্শনী তথা প্ৰচাৰ কাৰ্যসূচী আৰম্ভ হৈছে। গুৱাহাটীৰ চেন্ট্ৰেল ব্যুৰ অৱ কমিউনিকেচনৰ আঞ্চলিক কাৰ্যালয়ে এই কাৰ্যসূচী অনুষ্ঠিত কৰিছে। আৰু এই প্ৰদৰ্শনীখনৰ বিষয়বস্তু হৈছে আজাদী কা অমৃত মহোৎসৱ আৰু বিগত ৮ বছৰৰ সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণ।
গোৱালপাৰাৰ উপাযুক্ত খনীন্দ্ৰ চৌধুৰীয়ে প্ৰদৰ্শনীখন উদ্বোধন কৰি কয় যে- শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আৰু তেওঁলোকৰ অৱদানৰ বিষয়ে জনসাধাৰণক অৱগত কৰিবলৈ দেশখনে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি আছে।
তেওঁ লগতে কয় যে চৰকাৰে জনসাধাৰণৰ বাবে বিভিন্ন উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰি আছে আৰু এই ধৰণৰ প্ৰদৰ্শনীৰ জৰিয়তে চৰকাৰৰ কাৰ্যসূচী আৰু নীতিসমূহৰ বিষয়ে জনসাধাৰণ অধিক সচেতন হ’ব। ইফালে, গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ সুভাষ বৰ্মনে দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগৰ কথা সোঁৱৰণ কৰে। তেওঁ শিক্ষাৰ্থীসকলক স্বাধীনতা সংগ্ৰামীসকলৰ আদৰ্শ মনত ৰাখিবলৈ আৰু অনুসৰণ কৰিবলৈ আহ্বান জনায়।
অধ্যক্ষ গৰাকীয়ে তেওঁৰ ভাষণত গোৱালপাৰা জিলাত এনে প্ৰদৰ্শনী আয়োজন কৰাৰ বাবে গুৱাহাটীৰ চিবিচি-ক প্ৰশংসা কৰে। গুৱাহাটীৰ চিবিচি-ৰ ক্ষেত্ৰ প্ৰচাৰ বিষয়া সুচৰিতা চাহুৱে অনুষ্ঠানটোৰ আদৰণী ভাষণত কাৰ্যসূচীটোৰ লক্ষ্য আৰু তাৎপৰ্যৰ বিষয়ে অৱগত কৰে।
অনুষ্ঠানটোত গোৱালপাৰাৰ ডিআইপিআৰঅ’ পি.কে. দাস, প্ৰখ্যাত লেখক দিলীপ শৰ্মা আৰু গোৱালপাৰাৰ প্ৰখ্যাত সাংবাদিক আব্দুছ ছোবাহুমো উপস্থিত থাকে। দুদিনীয়াকৈ অনুষ্ঠিত প্ৰদৰ্শনীখনত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বহুতো অখ্যাত নায়কৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকলৰ বিভিন্ন চিত্ৰ পেনেল প্ৰদৰ্শন কৰা হৈছে।
লগতে প্ৰদৰ্শনীখনত যোৱা ৮ বছৰত চৰকাৰৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ আৰু আঁচনিসমূহো প্ৰদৰ্শন কৰা হৈছে। দুদিনীয়া অনুষ্ঠানটোত শিক্ষাৰ্থীসকলৰ মাজত প্ৰৱন্ধ লিখা, কুইজ আৰু আকস্মিক বক্তৃতাকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।