নিউজ ডেস্কঃ গুগ’লৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ দেশৰ তৃতীয়টো সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে। পিছাইক এই সন্মান প্ৰদান কৰে আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত তৰণজিত সিং সান্ধুৱে।
উল্লেখযোগ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ভাৰতৰ ৭৩তম গণ ৰাজ্য দিৱসত সুন্দৰ পিছাইলৈ এই সন্মান আগবঢ়োৱা কথা ঘোষণা কৰিছিল। তাৰপাছত ২ ডিচেম্বৰত গুগ’লৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীলৈ এই সন্মান আগবঢ়োৱা হয়।
ইফালে, সুন্দৰ পিছাই-য়ে কয় যে- ভাৰত তেওঁৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। প্ৰতিটো ক্ষণত তেওঁ নিজৰ হৃদয়ত কঢ়িয়াই ফুৰিব ভাৰতক। আৰু এই সন্মানৰ বাবে তেওঁ ভাৰত চৰকাৰৰ ওচৰত কৃতজ্ঞ বুলি কয়।