গোৰেশ্বৰঃ পুনৰ জুৱাৰীৰ বিৰুদ্ধে গোৰেশ্বৰ আৰক্ষীৰ তীব্ৰ অভিযান। মঙলবাৰে নিশাও ৪ জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে গোৰেশ্বৰ আৰক্ষীয়ে।
আটকাধীন জুৱাৰী কেইজন ক্ৰমে হাজলপাৰা গাঁৱৰ প্ৰবিত ৰাজবংশী ,বেতনা গাঁৱৰ কাশী দাস, বেঙেনাআটী গাঁৱৰ শংকৰ দাস আৰু গোৰেশ্বৰৰ লিটন নামা শৰ্মা। এক গোপন সূত্ৰৰ পম খেদি গোৰেশ্বৰ আৰক্ষী থানাৰ SI দীপাঙ্কৰ দাসৰ নেতৃত্বত চলিছিল এই অভিযান।
অভিযানত জুৱা খেলৰ কিছু সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে। এনেদৰে আগলৈও গোৰেশ্বৰত জুৱাৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকায়।