নিউজ ডেস্কঃ ৰাজ্যৰ শিক্ষাৰ্থীৰ মাজত ইংৰাজী ভাষাৰ প্ৰতি থকা হীনমান্যতা দূৰ কৰাৰ বাবে ব্ৰিটিছ পাঠ্যপুথিৰ আধাৰত আৰম্ভ কৰা হৈছে পাঠদান। ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ ব্যৱস্থা।

মাতৃভাষা মাধ্যমৰ শিক্ষাৰ্থীসকলৰ গণিত, বিজ্ঞান আৰু ইংৰাজী বিষয়ক লৈ থকা আসোঁৱাহ সমূহ আঁতৰাবলৈয়ে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা। 

ইফালে, পাইলট প্ৰজেক্টৰ কাম ইতিমধ্যে আৰম্ভ হোৱা দেখা গৈছে। গুৱাহাটীৰ গীতানগৰ হাইস্কুলকে ধৰি পাঁচখন বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ হৈছে এই পাইলট প্ৰজেক্টৰ কাম। 

ছাত্ৰ-ছাত্ৰী সকলক ব্ৰিটিছ পাঠ্যক্ৰমৰ আধাৰত পাঠদান দিয়াৰ বাবে এই বিদ্যালয় কেইখনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰিছে। 

উল্লেখযোগ্য যে, ব্ৰিটিছ কোম্পানী  জলী ফিঅ’নিক্স (Zolly Phoenix)য়ে মোবাইলৰ জৰিয়তে শিক্ষাৰ্থী সকলক ইংৰাজী শব্দৰ উচ্চৰণ, বানান আদিৰ ক্ষেত্ৰত সহায় কৰি আহিছে। আৰু পাইলট প্ৰজেক্টৰ সমাপ্তিৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হ’ব এই পাঠদান।

ইয়াৰোপৰি, শিক্ষা বিভাগে গুণোৎসৱৰ জৰিয়তে ৰাজ্যৰ শিক্ষা ক্ষেত্ৰৰ মান উন্নত কৰাৰ বাবে গ্ৰেডিঙৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply