নিউজ ডেস্কঃ দুলীয়াজান নেহৰু ময়দানত অহা ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত কেপ্টেইন জিন্টু গগৈ (বীৰ চক্ৰ) সোঁৱৰণী অষ্টাদশ ফুটবল টুৰ্নামেন্টৰ বিশাল উদ্বোধনী অনুষ্ঠান। উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ পৰা কেইবাটাও আগশাৰীৰ ফুটবল দলে এই ৰোমাঞ্চকৰ ফুটবল টুৰ্নামেন্টখনত ল’ব ভাগ।
১৯৯৯চনৰ কাৰ্গিল যুদ্ধৰ শ্বহীদ তথা অসমৰ ‘বীৰ চিলাৰায়’ বঁটা প্ৰাপক কেপ্টেইন জিন্টু গগৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সকলো বয়সৰ ফুটবলপ্ৰেমীকে শিহৰণকাৰী আমোদ দিয়াৰ প্ৰতিশ্ৰুতিৰে অইল ইণ্ডিয়া লিমিটেডৰ সহযোগিতাত ভাৰতীয় সেনাৰ স্পেয়াৰ কৰ্পছ ডিভিজনে আয়োজন কৰা এই টুৰ্নামেন্টখনৰ খেলসমূহ ১৫ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব।
উল্লেখ্য যে, কেপ্টেইন জিন্টু গগৈ (বীৰ চক্ৰ) সোঁৱৰণী ফুটবল টুৰ্নামেন্টত ভাগ ল’ব মুঠ ২৮টা দলে। তদুপৰি এই টুৰ্নামেন্টখন দুলীয়াজান, ডিব্ৰুগড়, তিনিচুকীয়া আৰু ডিগবৈকে ধৰি বিভিন্ন স্থানত অনুষ্ঠিত হ’ব।
এই উচ্চ প্ৰত্যাশিত টুৰ্নামেন্টখনৰ সামৰণি হিচাপে চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব ২২ ফেব্ৰুৱাৰীত। কমাণ্ডোসকলৰ দ্বাৰা স্কাই ডাইভিং, হেলিকপ্টাৰেৰে দুঃসাহসিক ক্ৰীড়া আৰু এক আতচবাজী প্ৰদৰ্শনীকে ধৰি অসামৰিক শিল্পীসকলৰ দ্বাৰা বিহু তথা টাংছা সাংস্কৃতিক প্ৰদৰ্শনীৰ লগতে সেনাৰ শিল্পীসকলৰ দ্বাৰা ভাংৰা নৃত্য, মল্লাখাম্বা, কলৰিপায়াট্টু, খুকৰি নৃত্য, জাজ-পাইপ বেণ্ড পৰিৱেশনৰ দৰে খেল-বহিৰ্ভূত কাৰ্য-কলাপ আৰু বিনোদনমূলক কাৰ্যসূচীও সামৰি লোৱা হ’ব এই টুৰ্নামেন্টখনত। আৰু এই বিশাল অনুষ্ঠানটোৰ আয়োজন কৰিছে জয়পুৰত থকা ৰাজপুত বেটেলিয়ানে।
মন কৰিবলগীয়া যে, ৰাজ্যখনৰ আৰু সেনা বাহিনীৰ গণ্য-মান্য় ব্যক্তিসকলৰ উপস্থিতিয়ে টুৰ্নামেন্টখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। খেল উপভোগ কৰাৰ উপৰি কেপ্টেইন জিন্টু গগৈ (বীৰ চক্ৰ) সোঁৱৰণি ফুটবল টুৰ্নামেন্টৰ অষ্টাদশ সংস্কৰণে ফুটবল প্ৰেমীসকলে লগা-ভাগে আহি তেওঁলোকৰ ক্ৰীড়াৰ প্ৰতি থকা অনুৰাগ উদযাপন কৰাৰো এক সুযোগ লাভ কৰিব।