হিয়া ঢাকুৰি কান্দিছিল তেওঁলোকে। দিনটো দেহৰ ঘাম মাটিত পেলাই কষ্টোপাৰ্জিত ধনেৰে নিশা এসাজ পৰিয়ালটোৰ সৈতে খাই শান্তিৰ নিশ্বাসকণ লাভ কৰাৰ এটাই স্থান- আপোন ঘৰখন। কিন্তু হঠাতে এদিন চৰকাৰ-প্ৰশাসনৰ হাঁতোৰা সদৃশ বুলডজাৰ–জেচিবিৰ চলিল কোব। ভাঙি থৈ গ’ল তেওঁলোকৰ মূৰৰ ওপৰৰ চালিখন, দি থৈ গ’ল এটা গৃহহাৰা জীৱন।
ৰাজ্য চৰকাৰৰ নিৰ্দেশ শিলসাঁকো বেদখলমুক্ত হ’ব লাগে, তাত নিৰ্মাণ কৰা হ’ব বিশাল জলাশয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে- শিলসাঁকো পূৰ্বে প্ৰায় খালী হৈয়ে আছিল। তাত তীব্ৰতাৰে মাটি বেদখল কৰা হৈছে যোৱা ৬-৭ বছৰতহে।
এতিয়া লক্ষণীয় কথাটো হ’ল যে- যদি যোৱা ৬-৭ বছৰতহে শিলসাঁকোত সৰ্বাধিক সংখ্যক লোক আহিছে তেন্তে তেওঁ তেওঁলোকে কেনেকৈ লাভ কৰিলে বিদ্যুতৰ সংযোগ, কেনেকৈ লাভ কৰিলে গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা দিয়া হল্ডিং নম্বৰ আদি। আৰু উল্লেখ কৰাৰ প্ৰয়োজন যে, ৬-৭ বছৰ পূৰ্বে অৰ্থাৎ ২০১৬-১৭ চনৰ পৰা শিলসাঁকোত মাটি বেদখলৰ এই দৌৰ আৰু তীব্ৰতৰ হৈছে বুলি জনোৱা মুখ্যমন্ত্ৰীগৰাকী হয়তো পাহৰিছে যে ২০১৬চনতেই অসমত গঠন হৈছিল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ।
গুৱাহাটীবাসীৰ বসবাসৰ বাবে শিলসাকোত উচ্ছেদ হ’বই লাগিব
ইফালে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে- গুৱাহাটী যদি বসবাসৰ বাবে উপযোগী কৰি ৰাখিব লাগে তেন্তে শিলসাকো বহল কৰি লাগিব আৰু উচ্ছেদ চলাবই লাগিব। ২০জন মানুহৰ কথা চিন্তা কৰি যদি আমি গুৱাহাটীত বাস কৰা লাখ লাখ লোকৰ চিন্তা নকৰো তেন্তে সেয়া মানৱতা নহয়।
শিলসাকোত ৰখা হ’ব ১ কোটি চিএম পানী
আনহাতে, GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই গুৱাহাটীৰ শিলসাকোৰ মাষ্টাৰ প্লেন সম্পৰ্কে কয় গ’ল সংবাদ মাধ্যমৰ আগত।
শিলসাকোৰ কিমান মাটি দিছিল চৰকাৰে আৱন্টন
মন্ত্ৰী অশোক সিংঘালে ১১ মাৰ্চত এটা টুইট কৰি জনাই যে- প্ৰায় ১৭৯ বিঘা মাটি কালি চৰকাৰে আৱন্টন দিছিল বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ নামত।
তালিকা অনুসৰি, ২০ বিঘা মাটি হোটেল মেনেজমেন্টক, ৫০ বিঘা সাহিত্য সভাক, ৫ বিঘা সদৌ অসম টেনিছ এছচিয়েশ্যনক, ৫ বিঘা দঃ কোঃ অপাৰেটিভ মেনেজমেন্টক, ১ বিঘা তিতাবৰ ভৱনক, ১ বিঘা কোচ ৰাজবংশী সন্মিলনীক, ১ বিঘা মাধ্যমিক শিক্ষক সংস্থাক, ২ বিঘা অমিয় কুমাৰ দাস ইনষ্টিটিউটক, ১ বিঘা সদৌ অসম মৈত্ৰী কোঃ অডিনেশ্যনেল পৰিষদ, ৬ বিঘা ২ কঠা ৫ লেচা মাটি হাইস্কুলক, ১ বিঘা অসম চাহ শ্ৰমিক কল্যাণ পৰিষদক, ৩ বিঘা হেঙ্গেৰাবাৰী জুনিয়ৰ কলেজক, ১ বিঘা নেশ্যনেল ইনষ্টিটিউটটেলিভিচন আৰু থিয়েটাৰৰ নামত, ৫০ বিঘা অসম বিধানসভাৰ সচিবালয়ৰ বিষয়া আবাসগৃহ, ৭ বিঘা টেপুৰাম টেৰণ হাইস্কুল, ২০ বিঘা টি ডি চেন্টাৰ আবাসগৃহ আৰু ৫ বিঘা মাটি জীৱ জন্তুৰ চিকিৎসালয়ৰ নামত আৱন্টন দিছিল ৰাজ্য চৰকাৰে।
https://www.facebook.com/EastMojoAssam/videos/895669084841750
শিলসাকোক লৈ ৰাজ্য চৰকাৰৰ পৰিকল্পনা
গুৱাহাটী মহানগৰীখন কৃত্ৰিমবানমুক্ত কৰাৰ লগতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ বাবেই চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰি এনেদৰে উচ্ছেদ অভিযান চলাইছে। এই কথা জনাইছে জিএমডিএৰ অধ্যক্ষ গৰাকীয়ে।
৩০০-৪০০ বাসগৃহ-অট্টালিকা ভাঙি শিলসাকোখন ধ্বংস হোৱাৰ পৰা কৰাৰ যি সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে সেয়া প্ৰশংসাৰ যোগ্য। কিন্তু তাৰ লগতে চৰকাৰে এইটোও দিশ মনত ৰাখিব লাগিব যে- চৰকাৰী ভূমি বেদখল কৰা লোকসকলক যাতে ভৱিষ্যতে চৰকাৰৰ তৰফৰ পৰা যাতে বিদ্যুত, পানী যোগান, হল্ডিং নম্বৰ, পথ নিৰ্মাণ আদিৰ দৰে সুবিধাবোৰো উপলব্ধ নকৰায়। নিৰ্বাচনৰ পূৰ্বে যাতে ভূমি বেদখলকাৰী সকলৰ পৰা ভোট ভিক্ষা কৰি ভূমি পট্টা দিম, পানী দিম, বিদ্যুত সংযোগ দিম আদি প্ৰতিশ্ৰুতি নিদিয়ে। নহ’লে মানুহে এনে ভুল কৰিয়েই থাকিব, ন ন স্থান বেদখল হৈয়ে থাকিব। ইষ্টমজ অসমৰ তৰফৰ পৰা মই ৰাজৰ্ষি চহৰীয়াৰ গ্ৰাউণ্ড জিৰ ৰিপৰ্ট।