নিউজ ডেস্কঃ গুজৰাট নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বাবে বেয়া খবৰ। ৰাজ্যখনৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ট নেতা জয়নাৰায়ণ ব্যাসে বিজেপি ত্যাগ কৰিলে।
জয় নাৰায়ণ ব্যাসে বিজেপিৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ব্যাসে সিদ্ধপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল।
কিছুদিন পূৰ্বে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰে মিলিত হৈছিল জয় নাৰায়ণ ব্যাস। অশোক গেহলটে কংগ্ৰেছৰ তৰফৰ পৰা গুজৰাটত বিশেষ নিৰ্বাচনী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰিছে।
তেওঁৰ সৈতে মিলিত হোৱাৰ পাছৰে পৰা সকলোৰে মাজত চৰ্চা হৈছিল যে ব্যাসে বিজেপি ত্যাগ কৰিব। আৰু অৱশেষত তেওঁ বিজেপি ত্যাগ কৰিলে।
উল্লেখ্য যে, গুজৰাটৰ ১৮২ সমষ্টিত হ’বলৈ গৈ থকা বিধানসভা নিৰ্বাচন দুটা পৰ্যায়ত ভোটদান হ’ব। প্ৰথম পৰ্যায়ত ১ ডিচেম্বৰ আৰু দ্বিতীয় পৰ্যাত ৫ ডিচেম্বৰত ভোটগ্ৰহণ পৰ্ব অনুষ্ঠিত হ’ব।