নিউজ ডেস্কঃ গুজৰাটৰৰ মোৰবী জিলাত দলং খহি পৰাৰ ফলত শতাধিক গৰাকী লোকৰ মৃত্যু ঘটাৰ পাছত আজি দলংখনৰ মেৰামতিৰ কাৰ্যৰ দায়িত্বত থকা কোম্পানীটোৰৰ ৯ গৰাকী বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজকোট ৰেঞ্জৰ আই জি অশোক যাদৱে সাংবাদিকৰ আগত জনাই এই কথা।

ইফালে, দলং খহি পৰাৰ ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা কোম্পানীটোৰ উচ্চপৰ্যায়ৰ বিষয়াসকলে পলায়ন কৰিছে। আনহাতে, প্ৰধানমন্ত্ৰী মোডীয়ে কালি মোৰবী জিলাত উপস্থিত হ’ব।

চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে আজি গুজৰাটত উপস্থিত থকা প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি দলংখনৰ নিৰীক্ষণ কৰিব। ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই দলং খহি পৰা ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। 

উল্লেখ্য যে, দেওবাৰে সন্ধিয়া গুজৰাটৰ মোৰবী জিলাত থকা এখন ওলোমা দলং খহি পৰাৰ ফলত নিহত হোৱা লোকৰ সংখ্যা ১৪১ বৃদ্ধি পাইছে। গুজৰাটৰ গৃহ মন্ত্ৰী হৰ্ষ সাংভীয়ে সোমবাৰে এই কথা জানিবলৈ দিয়ে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply