নিউজ ডেস্কঃ গুজৰাট কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ দ্বাৰা বিধানসভা নিৰ্বাচনৰ পূৰ্বে গুজৰাটৰ ৰাইজক বহু লোভনীয় প্ৰতিশ্ৰুতি দিয়াৰ পাছত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ৰাজ্যখনত বৰ্তমান সময়ত শাসনত থকা বিজেপিয়ে এইবাৰ নিৰ্বাচনত পৰাস্ত হ’ব নেকি?

ইতিমধ্যে বিজেপিয়ে গুজৰাটৰ ৰাইজক আহ্বান জনাইছে যাতে তেওঁলোক আপৰ কোনো প্ৰতিশ্ৰুতি বা লোভত যাতে মোহিত নহয় বা ভোল নাযায়। দিল্লীৰ পাছত পঞ্জাৱ আৰু এইবাৰ আম আদমী পাৰ্টীয়ে গুজৰাট ৰাজ্যত নিজৰ শাসন কৰাৰ চেষ্টা আৰম্ভ কৰিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গুজৰাটৰ ৰাইজক ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে- যদি গুজৰাটৰ আপৰ চৰকাৰ গঠন হয় তেন্তে ৰাজ্য়বাসীয়ে ৩০০ ইউনিটলৈ বিনামূলীয়াকৈ বিদ্যুৎৰ বিল লাভ কৰিব, চৰকাৰী বিদ্যালয়ৰ বিনামূলীয়াকৈ শিক্ষা প্ৰদান, নিবনুৱা ভাট্টা, মহিলাসকলক প্ৰতিমাহে এহাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। লগতে আন কেতবোৰ প্ৰতিশ্ৰুতি কেজৰিৱালে কৰিছে গুজৰাটবাসীক।

আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কিছুদিন পূৰ্বে ৰাজ্যখনত এক ৰেলীত অংশগ্ৰহণ কৰি গুজৰাটবাসীক সেই সকলোবোৰ সুবিধা দিব যিবোৰ সুবিধা ৰাইজে বিচাৰে। তদুপৰি ঘৰুৱা এলপিজি গেছ গুজৰাটবাসীয়ে ৫০০ টকাতে লাভ কৰিব, কোভিড-১৯ত মৃত্যু হোৱা পৰিয়ালক ৪ লাখ টকাকৈ , কৃষক সকলক ৩ লাখ টকালৈকে ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে।

সমূখত এতিয়া গুজৰাট নিৰ্বাচন। আৰু এইবাৰ গুজৰাটক বিজেপিৰ হাতৰ পৰা ওলাই নিজৰ দলৰ চৰকাৰ গঠন কৰি শাসনভাৰ পাবৰ বাবে দুয়োটা দলে এতিয়া সকলোধৰণে উঠি-পৰি লাগিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply