নিউজ ডেস্কঃ মঙলবাৰে নিশা গুৱাহাটী মহানগৰ আৰক্ষীয়ে দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। লগতে বৃহৎ পৰিমাণৰ হেৰোইন জব্দ কৰিবলৈ সক্ষম হয়।

নিশা এক অভিযান চলাই চান্দমাৰী আৰক্ষীয়ে মণ্টু ৰহমান নামৰ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। নিশা ৰহমানে স্কুটাৰত (AS 01 EA 4306) থকা নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰিবলৈ ওলাই যায়। ইফালে, অনুসন্ধান কৰাৰ পাছত আৰক্ষীয়ে স্কুটাৰৰ বেগেজ শ্লটৰ পৰা ২ পেকেট হেৰ’ইন উদ্ধাৰ কৰে।

আনহাতে, আৰক্ষীয়ে গণেশ নগৰত অৱস্থিত তেওঁৰ ঘৰত তালাচী চলাই আৰু ৬০টা হেৰ’ইনৰ ভাইলৰ সৈতে আৰু দুটা পেকেট উদ্ধাৰ কৰে। 

আৰক্ষীয়ে মন্টু ৰহমান আৰু মিণ্টু ৰহমানক ড্ৰাগছ বিক্ৰী কৰা কাৰ্যৰে জড়িত থকা অৱস্থাত ধৰা পেলাই আৰু জিম্মাত লয়। জব্দ কৰা নিষিদ্ধ বস্তুখিনিৰ মুঠ ওজন প্ৰায় ৫৫ গ্ৰাম।

দুয়োজনৰ বিৰুদ্ধে NDPS আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। উল্লেখ্য যে, এই মাহৰ আৰম্ভণিতে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই জনাইছিল যে- গুৱাহাটী মহানগৰ আৰক্ষীয়ে ২০২২ চনত ২৫০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল।

আৰক্ষী আযুক্ত গৰাকীয়ে জনাইছিল যে- সৰবৰাহকাৰীয়ে ৰাজ্যখনলৈ ড্ৰাগছ সৰবৰাহ কৰিবলৈ কেইবাটাও কৌশল ব্যৱহাৰ কৰিছে, কিন্তু গুৱাহাটীৰ সতৰ্ক আৰক্ষীয়ে এনে প্ৰচেষ্টা বিফল কৰি আহিছে আৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে ড্ৰাগছ বা ড্ৰাগছ সৰবৰাহকাৰী সম্পৰ্কীয় তথ্য আৰক্ষীক প্ৰদান কৰিবলৈ নাগৰিক সকলৰ বাবে 6026901246 নম্বৰটো মুকলি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply