নিউজ ডেস্কঃ মহানগৰীত অব্যাহত আছে নিচা জাতীয় সামগ্ৰীৰ বেহা। মহানগৰী আৰক্ষীয়ে প্ৰায় প্ৰতিদিনাই বিভিন্ন স্থানত অভিযান চলাই বহু কেইজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে বহু পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰি আহিছে।
কালি নিশাও মহানগৰীৰ ঘোঁৰামাৰাত প্ৰায় ৪০ লাখ টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। এডিচিপি কল্যাণ পাঠকৰ নেতৃত্বত সুৰুযমুখী পথৰ এটা বাসগৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি।
ইফালে, আৰক্ষীয়ে অভিযান চলাই আটক কৰে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইটা মিলটন চক্ৰৱৰ্তী, দীপাংকৰ ৰয় আৰু অভি দাস। উল্লেখ্য় যে, মিলটন চক্ৰৱৰ্তী নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক আৰক্ষীয়ে পূৰ্বেও কৰিছিল গ্ৰেপ্তাৰ ।