নিউজ ডেস্কঃ ৰাজ্য চৰকাৰে কিছুদিন পূৰ্বে ২৬ সহস্ৰাধিক চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে ৫ সহস্ৰাধিক প্ৰাৰ্থীক অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদত নিযুক্ত প্ৰদান কৰে। এটকাও নিদিয়াকৈ চাকৰি লাভ কৰা অসমৰ এই ৫ সহস্ৰাধিক প্ৰাৰ্থীয়ে ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়।
হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে ২০২০চনত সংঘটিত সমাজ কল্যাণ বিভাগৰ বিয়াগোম কেলেংকাৰী এতিয়া পোহৰলৈ আহিছে। হাতীগাওঁ থানাত গোচৰ ৰুজু হোৱাৰ পাছত জিনা বেগম নামৰ এগৰাকী মহিলাক ছয়মাইলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীয়ে লগতে ১২খনকৈ ভুৱা নিযুক্তি পত্ৰও জব্দ কৰিছে। মহিলাগৰাকীয়ে শতাধিক নিবনুৱাক ভুৱা নিযুক্তি পত্ৰ বিতৰণ কৰিছিল আৰু চাকৰিৰ নাম লৈছিল ৪-৫ লাখ টকাকৈ।

এই তথ্য পোহৰলৈ আহিছে তিনিজন ভুক্তভোগী আতিকুৰ, ৰফিকুল ইছলাম আৰু আৰিফুলৰ এজাহাৰৰ পাছত। এজাহাৰত উল্লেখ কৰা অনুসৰি, এই যুৱক কেইজনে ১৯ লাখ টকা দিছিল চাকৰিৰ বাবে। আৰু জিনা বেগমে ৫৫জনকৈ লোকৰ পৰা লৈছিল চাকৰিৰ নামত ধন।
ইফালে, আৰক্ষীয়ে জেৰা কৰাত জিনা বেগমে স্বীকাৰ কৰে যে- তেওঁ চাকৰি দিয়াৰ প্ৰলোভন দি এতিয়ালৈকে প্ৰায় ২ কোটি ২০ লাখ টকা লুন্ঠন কৰিছে। ধন লোৱাৰ পাছত নিবনুৱা সকলে চাকৰিৰ বাবে খবৰ কৰাত জিনা বেগমে অতি চতুৰতাৰে বাতৰি কাকতত মিছা নিযুক্তিৰ তালিকা পৰ্যন্ত প্ৰস্তুত কৰি প্ৰকাশ কৰিছিল।