নিউজ ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানে ভৰিব লগা হ’ল ৭ লাখ টকা জৰিমনা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি শুকুৰাৰে নিশা শ্বাহৰুখ খানে শ্বাৰজাহৰ পৰা মুম্বাইলৈ ঘূৰি অহা সময়ত এই ঘটনা সংঘটিত হয়।
মুম্বাই বিমান বন্দৰত কাষ্টম বিভাগে প্ৰায় এঘন্টাৰ বাবে অভিনেতাগৰাকীক সোধ-পোছ কৰা হয়। দৰাচলতে, বিমান বন্দৰত তালাচী লোৱাৰ সময়ত অভিনেতাগৰাকীৰ ওচৰত বহু মূল্যবান ঘড়ীৰ কভাৰ লাভ কৰা হয়।
তাৰপাছতে শ্বাহৰুখ খানে জৰিমনা ভৰিব লগা হয় ৬.৩৮ লাখ টকা। শ্বাহৰুখ খানৰ সম্পূৰ্ণ দলটোৰ পৰা প্ৰায় ১৮ লাখ টকা মূল্যৰ ঘড়ী আৰু তাৰে খালী কভাৰ লাভ কৰে কাষ্টম বিভাগে।