নিউজ ডেস্কঃ ভাৰতৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ আজি জন্মদিন। আজি তেওঁ ৩৪ বছৰীয়া জন্মদিন উদযাপনত ব্যস্ত। বৰ্তমান সময়ত বিৰাট কোহলী টীম ইণ্ডিয়াৰ সৈতে অষ্ট্ৰেলিয়াত আছে।

টি-১০ বিশ্বকাপৰ প্ৰতিখন মেচতেই বিৰাট কোহলীয়ে খুব ভাল খেল প্ৰদৰ্শন কৰিছে। কোহলীয়ে এই টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে খেলা মেচখনত ৮২ ৰান সংগ্ৰহ কৰিছিল। 

তাৰপাছত নেডাৰলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে ক্ৰমে ৬২ আৰু ৬৪ ৰান সংগ্ৰহ কৰে। বিৰাট কোহলী এনে এগৰাকী ক্ৰিকেটাৰ যাৰ কেৱল টি-২০ নহয়, এদিনীয়া আৰু টেষ্ট মেচতো বহু কেইটা ৰেকৰ্ড গঢ়িছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply