নিউজ ডেস্কঃ আজি উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠত নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত গ্ৰহণ কৰা হ’ব শুনানি। সাংবিধানিক বিচাৰপীঠত দ্বিতীয়টো গোচৰ হিচাপে তালিকাভু্ক্ত হৈছে উক্ত গোচৰটো। 

প্রথম গোচৰ হিচাপে তালিকাভুক্ত হৈছে মহাৰাষ্ট্রৰ ৰাজনৈতিক গোচৰটো। মহাৰাষ্ট্রৰ গোচৰটোৰ শুনানি শেষ হ’লে ভিত্তিবৰ্ষৰ গোচৰটোৰ শুনানি আৰম্ভ হ’ব।

উল্লেখ্য যে, সোমবাৰে নতুন দিল্লীৰ পৰা অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ শুনানি সম্পৰ্কে ব্যাখ্যা কৰিছিল।

তেওঁ কয়- ছুপ্ৰিম কৰ্টত মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ পমিদিঘন্টম শ্ৰী নৰসিমহা, ন্যায়াধীশ হীমা কোহলী, ন্যায়াধীশ মুকেশ ৰাচিকভাই শ্বাহ আৰু ন্যায়াধীশ কৃষ্ণ মূৰাৰীৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ নাগৰিকত্ব সম্পৰ্কীয় বিষয়ৰ শুনানি মঙলবাৰে আৰম্ভঅনুষ্ঠিত হ’ব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply