• ৰংমন দাস

মাৰ্কেট হিলাবলে’ ইব্ৰা আহিছিল

ibrahimović ক চিনে নে? Zlatan Ibrahimović। Sweden ৰ ফুটবলাৰ।

ইটালীৰ পৰা ফ্ৰান্সৰ ক্লাৱলৈ গৈয়েই এবাৰ Zlatan Ibrahimović – এ সাংবাদিকক ক’লে –

“সঁচা কথা, ইয়াৰ খেলুৱৈসকলৰ কথা মই নাজানো, চিনিও নাপাও। কিন্তু মই কোন সিঁহতে জানে।’

আকৌ এবাৰ সংবাদমেলত কিবা এটা প্ৰশ্নৰ উত্তৰত জ্লাটানে ক’লে – ভগৱানেহে জানে কোন বা আগবাঢ়ে..

সাংবাদিকে বক্ৰোক্তিৰে ক’লে – ভগবানক এতিয়া সুধো কেনেকৈ?

জ্লাটানৰ উত্তৰ – আপুনি দেখোন তেওঁৰ লগতেই কথা পাতি আছে!

আৰু এইবোৰ কথা কওতে জ্লাটান কেতিয়াও হাস্যবদনে নাছিল। আছিল ফুল এটিটিউডত। ছুইডিছ এটিটিউডত। আচলতে সেয়া এটিটিউড নাছিল, আছিল কনফিডেন্স। মাৰ্কেটলৈ অহাৰ কথা জ্লাটানে কিমানবাৰ কৈছিল তাৰ হিচাপ নাই। মাৰ্কেট মানে কি আমি অল্পমতিবোৰে বুজি নাপাও। আমি ডাবল মিনিং Meme, Vulgar জোকবোৰ ঠিকেই বুজো, সেইটো বেলেগ কথা।

কেবাবছৰ পূৰ্বে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ছুপাৰ ডিভিজন ফুটবল মেচ চাবলৈ সোমাইছো। প্ৰায় আঢ়ৈ মান বাজিছে। ষ্টেডিয়াম চৌহদত গাড়ী এখনৰ পৰা এজনী ছোৱালী নামিছে, লগত মাক। বিবৰ্ণ চুলি, বিবৰ্ণ মুখ। আমাৰ লগতে একেলগে খেল চাবলৈ সোমোৱা ক্ৰীড়া সাংবাদিকে আমাক কয়, ‘এইজনী নগাওঁৰ ছোৱালী। ট্ৰেকৰ এটুকুৰা মাল কিন্তু। সোনকালে মাৰ্কেট ফালিব, চাই থাকা।’ সঁচাকৈ তাই মাৰ্কেট ফালিলে। বহু অসমীয়াই, বহু ভাৰতীয়ই কৰিব নোৱাৰা কামবোৰ কৰি তাই দপদপাবলৈ আৰম্ভ কৰিলে, মাৰ্কেট কঁপাবলৈ আৰম্ভ কৰিলে। তাই Hima Das।

আজি বাৰ্মিংহামত অসমৰ এইটুকুৰা জুইয়ে ট্ৰেকত যি দুৰন্ত দৌৰ দিলে, সিয়েই আমাক আকৌ ক’বলৈ বাধ্য কৰিছে – মাৰ্কেট হিলাবলে’ আকৌ আহিব হিমা। জ্লাটান ইব্ৰাহিমোভিচৰ জীৱনটোক যিয়ে পঢ়িছে, দেখিছে, আদৱ-কায়দাৰে পৰিচয় হৈছে, তেওঁক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই হিমাৰ ব্যক্তিত্ব কিমান কঠিন।

আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বে অলিম্পিকত প্ৰৱেশত হিমা ব্যৰ্থ হৈছিল। মাত্ৰ কেইটামান মাইক্ৰ’ছেকেণ্ডৰ ব্যৱধানত অলিম্পিকলৈ যোৱাৰ স্বপ্ন ধুলিস্যাৎ হৈ গৈছিল মই তেতিয়াই দেখা বিবৰ্ণ চুলিৰে প্ৰচণ্ড আত্মবিশ্বাসী ছোৱালীজনীৰ। খেলৰ অভিন্ন অংশ আঘাতে সিদিনা কাঢ়ি নিছিল অলিম্পিকত ভৰি থোৱাৰ সপোন। তাৰ পিছত? সৰ্বত্ৰে ধিক্কাৰ, ট্ৰ’ল, সমালোচনাৰে থকা-সৰকা কৰি পেলোৱা হৈছিল ছোৱালীজনীক। কোনে কি কোৱা নাছিল! ফে’চবুক-টুইটাৰ থ্ৰেডত হিমাৰ পতন বুলি কিমানে যে কি কোৱা নাছিল! কোনে সমালোচনা কৰা নাছিল? হিমা শেষ। এথলীটক এইকাৰণেই চাকৰি দিব নালাগে, সেই কাৰণে চাকৰি দিব নালাগে জাতীয় কথাৰে বিদ্ধ কৰিছিল ছোৱালীজনীক। ইয়াৰ মাজতে লাভলিনাৰ যোগেদি অসমে লাভ কৰিছিল প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী খেলুৱৈ। এইবাৰ লাভলিনাৰ প্ৰসংশাৰ সমানে মানসিক, ভণ্ড বৌদ্ধিক অত্যাচাৰ চলিল হিমাৰ ওপৰত। অলিম্পিক পদকসহ অসমলৈ উভতি অহাৰ পিছত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাভলিনা বৰগোঁহাইক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। দৰ্শকৰ শাৰীত বহি আছিল হিমা। অলিম্পিকত ভাগ লোৱাৰ যন্ত্ৰনাই সিদিনা আৰু বেছি দগ্ধ কৰা হিমাই সাংবাদিকৰ প্ৰশ্নত কৈছিল – কিছুদিন ৰওঁক, আহি আছো মাৰ্কেটলৈ আকৌ।

মাৰ্কেটলৈ আহিল। প্ৰতিশ্ৰুতি দিয়াৰ দৰেই হিমাই কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিলে, বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ ৰ বাবে কোৱালিফাই কৰিলে, আজি ট্ৰেকত নামিয়েই ২০০ মিটাৰ স্প্ৰিণ্টৰ প্ৰথমটো হিটত হিমাই ২৩.৪২ ছেকেণ্ডেৰে প্ৰথম স্থানেৰে ছেমিফাইনেলত প্ৰৱেশ কৰিলে। কাইলৈ ছেমিফাইনেল। কি হয় দেখা যাব, কিন্তু প্ৰচণ্ড সমালোচনা, ট্ৰ’ল, কটু মন্তব্যই টলাব নোৱাৰা এই এথলীটগৰাকীৰ শক্তিশালী মানসিকতা দেশৰ প্ৰতিগৰাকী এথলীটৰ বাবে পাথেয় হওঁক। হৰা-জিকা পিছত, নিজৰ লক্ষ্য, কঠোৰ অনুশীলন, অনুশাসন, নিয়মানুৱৰ্তিতাই যে খেলত শেষ কথা এই কথা পুনৰ প্ৰমাণ কৰি দিলে হিমাই। ট্ৰেক ইভেণ্টত অলিম্পিকৰ আগলৈ দপদপাই আছিল তাই। ব্ৰেণ্ড ভেল্যু বাঢ়িছিল তাইৰ। বিশ্ব ক্ৰীড়াৰ লগত ফেৰ মাৰি তাইৰ আদব কায়দা সলনিও হ’ল।  পিছে সলনি নহ’ল সেই এটিটিউড। সেই কনফিডেন্স। এইটো কনফিডেন্স ৰাখ হিমা। দুভৰিত জ্বলন্ত ৰকেট বান্ধি আকৌ আহ মাৰ্কেটলৈ। আৰু বাকী থাকিল – ট্ৰ’ল? সেইবোৰ আমি চাই ল’ম। কাইলৈ দৌৰ তোৰ স্বপ্নৰ দৌৰ!!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply