নিউজ ডেস্কঃ হিমাচলপ্ৰদেশ বিধানসভা নিৰ্বাচন। পুৱা ৮ বজাৰ পৰাই ভোটগ্ৰহণ কেন্দ্ৰসমূহত শাৰী পাতি ভোটদান কৰিছে ভোটাৰ ৰাইজে।
৬৮ টা সমষ্টিৰ বাবে অনুষ্ঠিত এইবাৰৰ নিৰ্বাচনত ৪১২ গৰাকী প্ৰতিদ্বন্দ্বীৰ ভৱিষ্যৎ এতিয়া ৰাজ্যবাসীৰ হাতত।
ৰাজ্যখনত এইবাৰ মূল প্ৰতিদ্বন্দ্বিতা হ’ব বিজেপি, কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজত। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ৰাজ্যখনত মুঠ ৭৮৮১টা ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু ইয়াত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।
ইয়াৰে কাঁগড়া জিলাত সৰ্বাধিক ভোটগ্ৰহণ কেন্দ্ৰ আছে। এই সংখ্যা ১৬২৫টা। ইফালে, সৰ্বনিম্ন ভোটগ্ৰহণ কেন্দ্ৰত আছে লাহৌল-স্পিটী জিলাত। জানিব পৰা মতে, পুৱা ১১ বজালৈকে ১৭.০৯ শতাংশ ভোটদান সম্পন্ন হৈছে