নিউজ ডেস্কঃ আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। বুধবাৰে ৫৪ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

জন্মদিন উপলক্ষে মঙলবাৰে মাজনিশা মুখ্যমন্ত্ৰীৰ অনুৰাগী আৰু অনুগামী সকলে জন্মদিনৰ শুভেচ্ছা জনাবলৈ মুখ্যমন্ত্রী গৰাকীৰ বাসগৃহত একত্ৰিত হয়। 

লগতে, ৰাজ্য আৰু দেশৰ অন্যান্য প্ৰান্তৰ লোক সকলে মুখ্যমন্ত্ৰী গৰাকীক শুভেচ্ছা জনায়। জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী ড° শৰ্মাই মনৰ কথা ব্যক্ত কৰি কয় যে, “ইমান বৃহৎ সংখ্যক অনুৰাগী পাই মই ধন্য আৰু মই মোৰ জন্মদিনত সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো।” 

ইফালে, মুখ্যমন্ত্ৰী গৰাকীয়ে বুধবাৰে জন্মদিন উপলক্ষে গুৱাহাটীবাসীক এক উপহাৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ফাঁচী বজাৰৰ ফুট অভাৰ ব্ৰীজখন উদ্বোধন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply