নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মনীষ শিশোদিয়াৰ টুইটাৰ যুদ্ধ অন্ত পৰিল। পিপিই কীটৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰা হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকী ভূঞাৰ বিৰুদ্ধে।
চলিত বৰ্ষৰ জুনত সংবাদমেল সম্বোধন কৰি দিল্লীৰ উপ মুখ্যমন্ত্ৰী শিশোদিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা মালিকানাধীন এটা প্ৰতিষ্ঠানক পিপিই কীটৰ যোগানৰ নামত অধিক ধন আদায় বুলি অভিযোগ উত্থাপন কৰিছিল।
আৰু ইয়াৰ পাছতে আৰম্ভ হৈছিল এইখন টুইটাৰ যুদ্ধ। টুইটাৰৰ পৰা অভিযোগ গৈ ন্যায়ালয়ৰ মজিয়া পালে। হিমন্ত বিশ্ব শৰ্মাই এই অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰি মনীষ শিশোদিয়াৰ বিৰুদ্ধে তৰিছিল গোচৰ।
ন্যায়ালয়ে শিশোদিয়াক গোচৰ সন্দৰ্ভত তলব কৰিছিল যদিও তেওঁ উপস্থিত হোৱাৰ পৰিৱৰ্তে সেই গোচৰটো খাৰিজ কৰিবলৈহে জনালে আৱেদন । লগতে তৰিলে আন এটা গোচৰ।
অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে শিশোদিয়াৰ আৱেদন খাৰিজ কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰা অভিযোগ ভিত্তিহীন বুলি ৰায় প্ৰদান কৰিলে।