নিউজ ডেস্কঃ দিল্লীত সংঘটিত হিট এণ্ড ৰান ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ এনে এক ঘটনা সংঘটিত হৈছে নয়ডাত। কৌতৱালীত এজন ছুইগীত কৰ্মৰত যুৱকক বিপৰীত দিশৰ পৰা আহি থকা এখন বাহনে খুন্দিয়াই আৰু প্ৰায় ৫০০ মিটাৰ দূৰলৈ চোঁচৰাই লৈ যায়।
ইয়াৰ ফলত ছুইগীৰ ডেলিভাৰী বয়জনৰ ঘটনাস্থলীতে মৃত্যু হয়। ইফালে, চাৰিচকীয়া বাহনখনৰ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও চালকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে, এডিচিপি আশুতোষ দ্বিবেদীয়ে কয় যে- মৃত যুৱকজনৰ ভাতৃয়ে গোচৰ ৰুজু কৰিছে।
মৃত যুৱকজনৰ ভাতৃয়ে এফআইআৰ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু অব্যাহত ৰাখিছে বাহনখনৰ চালকৰ অনুসন্ধান।