নিউজ ডেস্কঃ সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুত্বপূৰ্ণ অভিযোগ। আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা মাহে ১৬ লাখকৈ টকা লোৱাৰ অভিযোগ উত্থাপন কৰিছে হিতেশ দেৱ শৰ্মাই।

সামাজিক মাধ্যমত এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই অভিযোগ কৰিছে যে- এনআৰচি কেলেংকাৰীত জড়িত আছিল সমুজ্জ্বল ভট্টাচাৰ্য। আৰু এই কেলেংকাৰীৰ ভাগ হিচাপেই ভট্টাচাৰ্যই লৈছিল এই ধন।

হিতেশ দেৱ শৰ্মাই ফেচবুক পোষ্টটোত লিখিছে- ‘আঢ়ৈ বছৰত বেছি সময় মই এন আৰ চিৰ সমন্বয়ক হৈ আছিলো। বেছ দীঘলীয়া সময়। আছুৰ নেতৃত্ব‌ই মোক এবাৰো লগ নকৰিলে। অথচ ময়েই এন আৰ চিৰ সকলো কেলেংকাৰী ফাদিল কৰিছিলো। প্ৰতীক হাজেলা সমন্বয়ক থাকোতে প্ৰায়েই সন্ধিয়া সমুজ্বল ভট্টাচাৰ্যই এন আৰ চি কাৰ্যালয়লৈ গৈছিল। কিহৰ বাবে? বজাৰৰ খবৰ, সমুজ্বল ভট্টাচাৰ্যই প্ৰতীক হাজেলাৰ পৰা কেলেংকাৰীৰ ভাগ হিচাবে মাহে ১৬ লাখ টকা লৈছিল।  সত‍্যাসত‍্য নাজানো। কেলেংকাৰীৰ তদন্ত হ’লে হয়তো গম পোৱা যাব। কিন্তু এটা কথা সত‍্য যে হাজেলাই এন আৰ চিৰ পুনৰীক্ষণ বিচৰা নাছিল, সমুজ্বল ভট্টাচাৰ্যয়ো পৰিপুৰক তালিকা প্ৰকাশৰ আগলৈকে এন আৰ চিৰ পুনৰীক্ষণ বিচৰা নাছিল। একে নাওঁৰ যাত্ৰী?’

এনে এক বিস্ফোৰক অভিযোগৰ পিছত স্বাভাৱিকতে এন আৰ চিক লৈ স্পৰ্শকাতৰ মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে, আজি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সমুজ্জ্বল ভট্টাচাৰ্য। অৱশ্যে এই অভিযোগ সঁচা নে মিছা সেয়া তদন্তৰ পাছতহে জানিব পৰা যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply