আপোনালোকে অগ্নিপথত আৱেদন কৰিলেনে? দেশৰ যিসকল যুৱক-যুৱতীয়ে দেশৰ সেৱা কৰিবলৈ ইচ্ছুক তেওঁলোকে কেনেকৈ এই অগ্নিপথত আৱেদন কৰিব পাৰে অনলাইনযোগে তাৰ বিষয়ে তলত উল্লেখ কৰা হৈছে।
অগ্নিপথত আৱেদন কৰিবলৈ পোন প্ৰথমতে আপোনালোকে এই https://joinindianarmy.nic.in/ ৱেবছাইটটোত খুলি ল’ব।
ৱেবছাইটটো খোলাৰ লগে লগে আপোনালোকৰ মোবাইল বা লেপটপত এইখন পেজ দেখা পাব। পেজখনত Agnipath ত গৈ User Registration ত ক্লিক কৰি ল’ব।
ক্লিক কৰাৰ পাছত সকলোৰে সুবিধাৰ বাবে এই আৱেদন পূৰণ কৰিবলৈ যিবোৰ নীতি-নিয়ম মানিব লাগে সেয়া ইংৰাজী আৰু হিন্দীত চাব পাৰিব।
নিয়মাৱলীখিনি ভালদৰে পঢ়ি লৈ আপোনালোকে এইবাৰ ক্লিক কৰক Continueত।
Continue কৰাৰ পাছতে আপোনালোকক পৰা বিচৰা হ’ব Personal Details, য’ত আপোনালোকে ৰাজ্যৰ নাম, আধাৰ কাৰ্ডৰ নম্বৰ, আৱেদনকাৰীৰ নাম, পিতৃ-মাতৃৰ নাম, জন্মৰ তাৰিখ, মেইল আইডি, ফোন নম্বৰ আদি লিখি Submit কৰিব লাগিব।
Submit কৰাৰ পাছত আপোনালোকে ই-মেইল আইডিত এটা OTP লাভ কৰিব। আৰু এই OTPটো লিখি পুনৰ Submit কৰি দিব।
তাৰপাছত ক্ৰমে আপোনালোকে Gender, marital status, height, ৰাজ্যৰ নাম, জিলাৰ নাম আৰু তেহচিল নাম লিখিব লাগিব।
এইখিনি লিখাৰ পাছতে আপোনালোকৰ শিক্ষাগত অৰ্হতা সম্পৰ্কীয় Option থাকিব। য’ত আপোনালোকে Form খন Fillup কৰিব লাগিব।
শিক্ষাগত অৰ্হতাৰ কাষতে থাকিব User name, password। তাত আপোনালোকে এটা password Create কৰি Save কৰি ল’ব।
ইয়াৰ পাছতে আপোনালোকে লাভ কৰিব Interface। ইয়াত আপোনালোকৰ Details লিখা থাকিব।
যদি আপোনালোকৰ details সকলো শুদ্ধ আছে তেন্তে বাওঁফালে থকা Apply Onlineত ক্লিক কৰি দিব।
Apply Onlineত ক্লিক কৰাৰ পাছত আন এখন Form লাভ কৰিব, য’ত আপোনালোকে শিক্ষাগত অৰ্হতাৰ ভিত্তিত Category Select কৰিব লাগিব।
Category Select কৰাৰ পাছতে ফটো আপলোডৰ বাবে নিয়মাৱলী উল্লেখ থাকিব। আপোনালোকে আপলোড কৰা ফটো JPG Format ত থাকিব লাগিব আৰু ফটোৰ Size ১০ৰ পৰা ২০ KBৰ ভিতৰত হ’ব লাগিব।
নিয়মাৱলীখিনি পঢ়ি তলত Continue Optionত ক্লিক কৰাৰ পাছত আৰু এখন Form লাভ কৰিব। এই ফৰ্মখনত ফটো আপলোড কৰি তলত যিবোৰ Details বিচৰা হৈছে, সেইখিনি লিখি লৈ Save & Continue ত ক্লিক কৰি ল’ব।
ইয়াৰ পাছত Communication Detailsৰ এখন Form লাভ কৰিব। ইয়াত আপোনালোকৰ Parmanent Adressৰ Details বিচৰা হ’ব। এইখিনি Fillup কৰাৰ পাছতে পুনৰ Save & Continue ত ক্লিক কৰি ল’ব।
এইখিনি কৰাৰ পাছতে আন এখন Form স্ক্ৰীণত লাভ কৰিব। এইখন ফৰ্মত Sports, NCC আদিত যদি আপোনালোক জড়িত তেন্তে Yesত ক্লিক কৰক আৰু যদি জড়িত নহয় তেন্তে Noত ক্লিক কৰক।
ইয়াৰ পাছত অন্তিমখন Form আপোনালোকে লাভ কৰিব। এইখন Formত কিমান শ্ৰেণীলৈ আপোনালোকে শিক্ষা গ্ৰহণ কৰিছে, কোন Boardৰ পৰা, কিমান চনত পাছ কৰিছে, Roll no, certificate no আদি লিখি ল’ব আৰু শেষত Addত ক্লিক কৰিব।
এইখিনি কৰাৰ পাছত আপোনালোকে যদি মেট্ৰিক পাছ কৰা বুলি শিক্ষাগত অৰ্হতা Formত লিখিছিল, তেন্তে কোনটো বিষয়ত কিমান নম্বৰ লাভ কৰিছিল সেইটো লিখিব লাগিব।
তাৰপাছত Continueত ক্লিক কৰি যিখন নতুন পেজ আহিব, তাত Agniveer (General duty) (All Arms)ৰ লগতে থকা Continue Optionত ক্লিক কৰি ল’ব।
ইয়াৰ পাছতে আপোনালোকে Fillup কৰা Formখনৰ Summary Show কৰিব। যদি সকলোখিনি শুদ্ধ আছে, তেন্তে Submitত ক্লিক কৰক। আৰু আপোনালোকৰ Applicationখন Submit হৈ যাব।