ৰাজৰ্ষি চহৰীয়া

আপোনালোকৰ Income Certificate আছেনে? কিছুমান কামৰ বাবে Income Certificateৰ প্ৰয়োজন হয়। আৰু বহুতে এই Income Certificateৰ বাবে ক’ত আৱেদন কৰিব বা কেনেকৈ আৱেদন কৰিব সেই বিষয়ে অৱগত নহয়। 

ইষ্টম’জ’ অসমৰ How To শিতানত এই বিষয়েই আপোনালোকক জনাম। আপোনালোকে Income Certificateখন ঘৰতে বহি মোবাইল বা কম্পিউটাৰযোগে আৱেদন কৰিব পাৰিব। গতিকে কোনো চৰকাৰী কাৰ্যালয়লৈ গৈ সময় খৰচ কৰাৰ প্ৰয়োজন নাই।

এখন Income Certificate আৱেদন কৰিবলৈ প্ৰথমে আপোনালোকে Onlineedistrict.amtron.in লিংকটোত ক্লিক কৰি ল’ব। 

Income Certificateৰ বাবে আৱেদন কৰাৰ পূৰ্বে এই ৱেবছাইটটোত Log in কৰিবলৈ ইউজাৰ আই ডি আৰু পাছৱৰ্ড এটা বনাই ল’ব। 

এইখিনি কৰাৰ পাছতে E-Governance Services অপশ্যনটোত ক্লিক কৰিব লাগিব।

তাৰপাছতে খোল খাব এখন নতুন পেজ। য’ত দেখিবলৈ পাব Search e-forms by title। এই Optionটোলৈ গৈ Income Certificateত ক্লিক কৰি ল’ব।

ক্লিক কৰাৰ পাছতে পেজটোৰ সোঁফালে দেখিবলৈ পাব Apply Online। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে Submit Online Optionটো পাব। 

Submitত ক্লিক কৰাৰ পাছতেই আপোনালোকে লাভ কৰিব Income Certificateৰ আৱেদনৰ Formখন।

এটা কথা আগতীয়াকৈ জনাই থওঁ যে- Formখনত আপোনালোকে আৱেদনকাৰীৰ বিৱৰণ, স্থায়ী ঠিকনা লিখাৰ লগতে আপোনালোকৰ পৰিচয় পত্ৰ তথা আন নথিসমূহৰ ফটো আপলোড দিব লাগিব।

এতিয়া ফৰ্মখনত আৱেদনকাৰীৰ নাম, মোবাইল নম্বৰ, আধাৰ কাৰ্ড নম্বৰ, পান কাৰ্ড নম্বৰ, উপাৰ্জনৰ পথ, বৃত্তি, মুঠ বাৰ্ষিক উপাৰ্জন, সম্পূৰ্ণ ঠিকনা লিখিব লাগিব। 

ইয়াৰ তলত ফৰ্মখনত থাকিব নথিপত্ৰসমূহৰ ফটো আপলোড দিব পৰা সুবিধা। তাত আপোনালোকে ভোটাৰ কাৰ্ড, পৰিচয়পত্ৰ, ৰাজহ মাচুল আদায়ৰ ৰচিদ আদিৰ ফটো আপলোদ দিব লাগিব। আৰু মনত ৰাখিব প্ৰতিখন ফটোৰ Size 500 কেবিৰ তলত হ’ব লাগিব।

তাৰপাছত কেইখন পেজ আপোনালোকে প্ৰিন্ট আৰু স্কেন কৰিছে সেই কথা তাৰ তলতে থকা খালী ঘৰ কেইটাত উল্লেখ কৰাৰ লগতে কেপচা লিখি Submit ত ক্লিক কৰি ল’ব। 

এতিয়া আপোনালোকে অনলাইনযোগে Pay কৰিব লাগিব ৩০ টকা। তাৰ বাবে Pay Optionটোত ক্লিক কৰি ক্ৰেডিট কাৰ্ট, ডেবিড কাৰ্ড, ফোন পে, গুগল পে আদি যোগে পেইমেন্ট কৰিব পাৰিব। Payment কৰাৰ পাছতে আপোনালোকৰ Income Certificate বাবে অনলাইনযোগে কৰা আৱেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব।

এনেদৰেই অতি সহজ কেইটামান Step Follow কৰি আপোনালোকে আৱেদন কৰিব পাৰিব আয়ৰ প্ৰমাণপত্ৰৰ বাবে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply