বহিঃৰাষ্ট্ৰ ভ্ৰমণৰ লগতে নিজৰ পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি পাছপৰ্ট বা পাৰ পত্ৰ। এখন পাছপৰ্ট আপুনি এতিয়া ঘৰতে থাকিও মোবাইল বা লেপটপ/কম্পিউটাৰত অনলাইনযোগে Apply কৰিব পাৰে।  পাছপৰ্টৰ বনাবলৈ আপুনি তলত দিয়া Step কেইটা Follow কৰিব লাগিব।

প্ৰথমে আপুনি অফিচিয়েল ৱেবছাইট –https://www.passportindia.gov.in/AppOnlineProject/welcomeLink# খুলি ল’ব লাগিব।

তাৰপাছত আপুনি New user registrationত ক্লিক কৰক।

ক্লিক কৰাৰ পাছত আপুনি Passport office ত ক্লিক কৰি নিজৰ চহৰখন Select কৰিব লাগিব।

তাৰপাছত আপোনাৰ নাম লিখিব লাগিবৰ বাবে দুটা ঘৰ দিয়া থাকিব। ইয়াৰে প্ৰথমটো ঘৰত First & middle name লিখি তাৰ তলৰ ঘৰটোত Surname লিখিব লাগিব।

তাৰপাছত জন্মৰ তাৰিখ, মেইল আইডি, পাছৱৰ্ড এটা ভৰাই অতি সহজ এটা Hint Questionৰ উত্তৰ আপুনি দিব লাগিব।

সকলো খিনি কৰাৰ পাছত আপোনাৰ মেইলত তাত এটা লিংক প্ৰেৰণ কৰা হ’ব। লিংকটো ক্লিক কৰি আপুনি আপোনাৰ User ID লিখিব লাগিব।

ইয়াৰ পাছত আপোনাৰ একাউন্ট Activate হোৱা বুলি জনাব। আৰু ইয়াৰ পাছতে পুনৰ পাছপৰ্টৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব।

ইয়াৰ পাছত আপুনি এইবাৰ Existing user loginত ক্লিক কৰি আপোনাৰ ইমেইল আইডিটো লিখিব লাগিব। তাৰপাছত আপোনাক পুনৰ Passwordটো বিচাৰিব, যিটো Password আপুনি পূৰ্বে Set কৰিছিল।

এইখিনি কৰাৰ পাছত আপুনি Apply for fresh Passportত ক্লিক কৰিব লাগিব।

তাৰপাছত আপুনি Online ফৰ্ম ফিলআপ কৰাৰ Optionটো ক্লিক কৰক।

তাৰপাছত আপুনি State আৰু  District select কৰিব লাগিব।

তাৰপাছত Applying for fresh passportত ক্লিক কৰিব। তাৰপাছত normal আৰু 36 daysত ক্লিক কৰক।

ইয়াৰ পাছতে আপুনি যিগৰাকী ব্যক্তিৰ নামত পাছপৰ্ট বনাব বিচাৰে তেওঁৰ Details দিব লাগিব ফৰ্মখনত।

তাৰপাছত আপুনি আপোনাৰ পৰিয়ালৰ Details দিব লাগিব।

আপুনি তাৰপাছত ঠিকনাৰ Details খিনি দিব লাগিব ফৰ্মখনত।

বাকী কিছুমান Other Details আপুনি জমা দিব লাগিব ফৰ্মখনত।

সকলোবোৰ কৰাৰ পাছত আপুনি লাভ কৰিব এটা Reference number. আৰু এই নম্বৰটো আপুনি ভালদৰে Copy কৰি ৰাখি ল’ব। 

এইখিনি কৰাৰ পাছত আপুনি Payment জমা কৰিব লাগিব। Payment আপুনি অনলাইনযোগে কৰিব লাগিব।

ইয়াৰ পাছতে Schedule appoinment কৰিব লাগিব আপুনি।

সকলো কৰাৰ পাছত আপুনি Print Application Receipt ত ক্লিক কৰি এপ্লিকেশ্যনখন প্ৰিন্ট কৰি ল’ব। আৰু তাৰপাছত আপুনি  Schedule appoinmentত দিয়া তাৰিখ অনুসৰি কাৰ্যালয়লৈ যাব লাগিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply