এটা ব্য়ৱসায় আৰম্ভ কৰিবলৈ এখন ট্ৰেড লাইচেঞ্চ অৰ্থাৎ ব্যৱসায়ৰ অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হয়। এই অনুজ্ঞাপত্ৰৰ আৱেদন কৰিবলৈ পৌৰ নিগমৰ কাৰ্যালয়লৈ যোৱা প্ৰতিজন ব্যক্তিৰ বহু সময় কাৰ্যালয়ত কটাব লাগে। কিন্তু তথ্য প্ৰযুক্তিৰ বৰ্তমানৰ সময়ৰ সকলো অনলাইনযোগে কৰিব পাৰি। ইষ্টম’জ’ অসমৰ How To শিতানত আজি আমি আলোচনা কৰিম কেনেকৈ ঘৰতে বহি মোবাইল বা কম্পিউটাৰত ট্ৰেড লাইচেঞ্চ অৰ্থাৎ ব্যৱসায়ৰ অনুজ্ঞাপত্ৰৰ বাবে আৱেদন কৰিব পাৰি। 

কেইটামান অতি সহজ ষ্টেপ আপোনালোকে Follow কৰি ট্ৰেড লাইচেঞ্চ অনলাইনযোগে আৱেদন কৰিব পাৰে। তাৰ বাবে প্ৰথমতে https://gmc.assam.gov.in/portlets/online-trade-license এই চৰকাৰী ৱেবছাইটটো খুলি ল’ব লাগিব।

বেৱছাইটটো খোলাৰ লগে লগে আপোনালোকে দেখিব guwahati municipal cooperation 

মনত ৰাখিব আজিৰ ভিডিঅ’টোত কেৱল গুৱাহাটীত ব্যৱসায় কৰা লোকসকলে কেনেকৈ ট্ৰেড লাইচেঞ্চৰ বাবে আৱেদন কৰিব সেই বিষয়ে জনোৱা হ’ব। বাকী জিলাৰ বাবে আমি পৰৱৰ্তী ভিডিঅ’ত জনাম।

এতিয়া আপোনালোকে Online trade license য’ত লিখা আছে, তাত ক্লিক কৰিব।

ইয়াৰ পাছতে আপোনালোকৰ কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰীণত বেলেগ এটা পেজ খুলিব। 

এই পেজটোত থকা New trade license ৰ অপশ্যনত আপোনালোকে ক্লিক কৰি ল’ব। 

ক্লিক কৰাৰ পাছতে Online trade license application form এখন লাভ কৰিব।

Formখনৰ ওপৰতে লিখা থাকিব আপোনালোকৰ কি কি নথিপত্ৰৰ প্ৰয়োজন হ’ব। যেনে- আপোনাৰ ID Proof আৰু Business location’s address proofৰ নথিপত্ৰৰ প্ৰয়োজন হ’ব আৰু ইয়াৰে ফটো আপলোড কৰিব লাগিব। এই ফটোসমূহৰ Size 500KB ৰ ভিতৰত হ’ব লাগিব।

এতিয়া Formখনৰ প্ৰথমতে এটা বক্স থাকিব, য’ত আপোনাৰ ব্যৱসায় Private limited, limited company, HUF, partnership firm নে proprietorship firm হয় সেইটো ক্লিক কৰি ল’ব।

ইয়াৰ পাছতে trade লাইচেঞ্চখন কাৰ নামত হ’ব, তেওঁৰ পিতৃৰ নাম, বয়স , trade name, লাইচেঞ্চৰ যাৰ নামত হ’ব তেওঁৰ Present address আৰু permanent address লিখিব লাগিব।

এইখিনি কৰাৰ পাছতে Trade location address অৰ্থাৎ যিখিনি ঠাইত আপোনালোকে দোকান খুলিব তাৰ ঠিকনা লিখিব লাগিব আৰু Others detailsত গুডামৰ ঠিকনা দিব লাগিব।

ইয়াৰ পাছত আপোনালোকে Income tax জমা দিয়ে নে নিদিয়ে, বছৰেকীয়া আয়, License Type, Trade Type আদি option দেখিবলৈ পাব। 

ইয়াৰে license typeত দুটা option থাকিব। প্ৰথমটো general trade license আৰু আনটো Health Trade License। ইয়াৰে এটা আপোনালোকে নিজৰ ব্যৱসায় অনুযায়ী Select কৰি ল’ব।

আপুনি Select কৰা Trade license অনুসৰি তলত Inspection Fee, Trade License Fee আৰু  Application Fee কিমান হ’ব সেয়া দেখুৱাই দিব। মনত ৰাখিব সকলো লাইচেঞ্চৰ বাবে এই মাচুল পৃথক পৃথক।

এইখিনি কৰাৰ পাছতে আপোনালোকে Contact Details দিব লাগিব। য’ত আপোনালোকৰ মোবাইল নম্বৰ, টেলিফোন নম্বৰ আৰু Email ID দিব লাগিব। ইয়াৰ লগতে আপোনালোকে Get OTP ত ক্লিক কৰি দিব।

এতিয়া আপোনালোকে নথিপত্ৰসমূহৰ Photo Upload কৰিব লাগিব। ভিডিঅ’টোৰ আৰম্ভণিতে আমি জনাইছিলো যে আপোনালোকৰ কি কি নথিপত্ৰ লাগিব। 

ইয়াৰ পাছতে Declaration ত নিজৰ নাম, পিতৃৰ নাম আৰু Designationটো লিখি Submit for the Secure Online paymentত ক্লিক কৰি ল’ব। তাৰপাছত অনলাইনযোগে payment কৰি ল’ব। এতিয়া আপোনালোকৰ আৱেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply