আপোনাৰ বা আপোনাৰ পৰিয়ালৰ সদস্যৰ বয়স যদি ১৮ বছৰ হৈছে, তেন্তে কেনেকৈ ঘৰতে বহি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব।  মোবাইল বা লেপটপতেই এতিয়া কৰিব পাৰিব ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত। তাৰ বাবে তলত উল্লেখ কৰা ধৰণে আপোনালোকে Stepবোৰ Follow কৰি যাওঁক-

ভোটাৰ তালিকাত নামভৰ্তি কৰিবলৈ প্ৰথমে আপোনালোকে https://www.nvsp.in ত ক্লিক কৰক। 

তাৰপাছত আপোনালোকে Login/Register ত ক্লিক কৰিব লাগিব আৰু ইয়াৰ পাছতে যিখন স্ক্ৰীণ আহিব তাত Don’t have account. Register as a new userত ক্লিক কৰিব। 

ইয়াৰ পাছতে আপোনালোকৰ মোবাইল নম্বৰ ভৰাব লাগিব আৰু Captcha টো লিখি Send OTPত ক্লিক কৰিব। লগে লগে আপোনাৰ মোবাইল নম্বৰ এটা OTP লাভ কৰিব আৰু Veriefy OTPত ক্লিক কৰিব।

 Verify OTPত ক্লিক কৰাৰ পাছত আপুনি নতুন Password এটা Create কৰি ল’ব।

তাৰপাছত স্ক্ৰীণৰ সোঁফালে দেখা Loginত ক্লিক কৰি User Name আৰু Password লিখি দিব।

ইয়াৰ পাছতে Register as a new elector/voterত ক্লিক কৰি Form 6 ত ক্লিক কৰি ল’ব।

তাৰপাছত আপোনাৰ স্ক্ৰীণত এখন Form আহিব যিখন ফৰ্মৰ আপোনালোকে Language সলনি কৰি অসমীয়াও কৰিব পাৰে। বা ইংৰাজীতো Formখন Fillup কৰিব পাৰিব। 

মনত ৰাখিব এই Formখন Fillup কৰাৰ সময়ত আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড আদি নথিপত্ৰবোৰ লগতে ৰাখিব। 

আৰু ফৰ্মখনত আপোনাৰ নাম, ঠিকনা, জন্মৰ তাৰিখ আদি লিখাৰ পাছত ফটো আপলোড কৰিব পাৰিব।

সকলোখিনি কৰাৰ পাছত এবাৰ Preview ত ক্লিক কৰিব পাৰিব। আপোনালোকে Formখন সম্পূৰ্ণ শুদ্ধকৈ Fillup কৰিছে নে নাই তাতেই চাব পাৰিব।

তাৰপাছত এই Preview pageৰ এটা প্ৰিন্টআউট লৈ ল’ব নহ’লে Submitত ক্লিক কৰিব।

ইয়াৰ পাছতে আপোনালোকে এটা Reference নম্বৰ লাভ কৰিব আৰু এই Reference নম্বৰটো আপুনি স্ক্ৰীণ শ্বট বা লিখি ৰাখিব। তাৰপাছতে ক্লিক কৰিব লাগিব Track statusত।

এইখিনি কাম কৰাৰ পাছতে পুনৰ আপোনালোকৰ Reference নম্বৰটো লিখি দিব। আৰু পুনৰ Track statusত ক্লিক কৰিব। আৰু তাৰপাছত আপোনালোকৰ আৱেদন Accept হোৱাৰ পাছতে নতুন ভোটাৰ তালিকাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ যাব।

এনে ধৰণৰ আৰু নতুন নতুন কথা জানিবলৈ চাই থাকিব ইষ্টমজ অসম। ধন্যবাদ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply