ইষ্টম’জ’ অসমৰ How To শিতানত আজি PRC অৰ্থাৎ Permanent Residential Certificate অনলাইনযোগে কেনেকৈ আৱেদন কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰিম।

অনলাইনযোগে PRC আৱেদন কৰিবলৈ প্ৰথমে আপোনালোকে Onlineedistrict.amtron.in ৱেবছাইটটো খুলি ল’ব।

আপোনালোকে এই ৱেবছাইটটো খোলাৰ পাছতে দেখিবলৈ পাব e-governance services। কিন্তু এই ৱেবছাইটটো যদি আপোনালোকে প্ৰথমবাৰলৈ খুলিছে তেন্তে তলত থকা e-district services Ragistration এই অপশ্যনটোত ক্লিক কৰি Login কৰি ল’ব।

লগ ইন কৰাৰ পাছত এতিয়া আপোনালোকে এখন নতুন পেজ লাভ কৰিব। য’ত search E-form by title লিখা থকা অপশ্যনটোত PRCত ক্লিক কৰি Go ত ক্লিক কৰি ল’ব লাগিব।

এতিয়া এই অপশ্যনটোৰ তলতে PRCৰ বাবে অনলাইন আৱেদন কৰিবলৈ Apply Online ত ক্লিক কৰি ল’ব।

ইয়াৰ পাছতে Submit Online ত ক্লিক কৰিব লাগিব।

এতিয়া আপোনোলোকে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ বাবে আৱেদনৰ Formখন দেখিবলৈ পাব। এই Formখনত যিবোৰ নথিপত্ৰ আৰু তথ্য বিচৰা হৈছে সেইবোৰৰ লগতে প্ৰয়োজনীয় ফটো Upload কৰাৰ পাছত PRCখন Download কৰিব পাৰিব।

এতিয়া ফৰ্মখনত প্ৰথমে আৱেদনকাৰীৰ বিৱৰণত আৱেদনকাৰীৰ নাম, জন্মৰ তাৰিখ, পাছপৰ্ট নম্বৰ, পিতৃৰ নাম, মাতৃৰ নাম, আধাৰ নম্বৰ, পান কাৰ্ড নম্বৰ আদি লিখি ল’ব।

তাৰ পাছত Permanent Address আৰু Residential Addressৰ ফৰ্মখন সম্পূৰ্ণকৈ লিখি ল’ব লাগিব।

এতিয়া আপোনালোকে অন্য গুৰুত্বপূৰ্ণ তথ্যৰ এখন Form পাব। ইয়াত PRC আৱেদন কৰাৰ কাৰণ, শেহতীয়াকৈ শিক্ষাগ্ৰহণ কৰা অনুষ্ঠানৰ নাম লিখিব লাগিব। 

ইয়াৰ পাছত আপোনালোকৰ নথিপত্ৰ তথা আপোনাৰ পাছপৰ্ট Sizeৰ ফটো আপলোড কৰিব লাগিব। মনত ৰাখিব ফটোসমূহৰ Size 50 KBৰ ভিতৰত হ’ব লাগিব।

আপোনালোকে পাছপৰ্ট ফটোৰ লগতে যিকোনো স্থাৱৰ সম্পত্তিৰ ৰেকৰ্ড বা নতুন মাটিৰ খাজানা ৰচিদ, পাছপৰ্ট বা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ১৯৫১ৰ প্ৰমাণপত্ৰ, ভোটাৰ তালিকা, পিতৃ-মাতৃ নাইবা পূৰ্বপুৰুষৰ অসমত একেৰাহে ন্যূনতম ৫০ বছৰ স্থায়ীভাৱে বসবাস কৰাৰ নথি, জন্মৰ প্ৰমাণপত্ৰ আদিৰ ফটো আপলোড কৰিব লাগিব।

এতিয়া আপোনালোকে কেইখন নথিপত্ৰ আপলোড কৰিছে সেয়া Enter কৰি কেপচা লিখি Submitত ক্লিক কৰি দিব। 

ছাবমিটত ক্লিক কৰাৰ পাছত আপোনালোকে Payment কৰিব লাগিব। তাৰ বাবে Proceed to pay অপশ্যনত ক্লিক কৰি ল’ব। 

অনলাইন Paymentযোগে ৩০ টকা Transection কৰাৰ পাছত এখন Acknowledgment Recieptখন আপোনালোকে লাভ কৰিব। আৰু মনত ৰাখিব এই ৰিচিপখন আপোনালোকে ডাউনলোড কৰি ৰাখিব লাগিব।

PRCৰ বাবে আপোনালোকৰ অনলাইন আৱেদন প্ৰক্ৰিয়া এতিয়া সম্পূৰ্ণ হৈছে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply