নিউজ ডেস্কঃ আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিয়ে মঙলবাৰে সংস্থাটোৰ হল অফ ফেম তালিকাত আৰু তিনিজন কিংবদন্তি ক্ৰিকেটাৰক অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰে। আইচিচিয়ে দুজন পুৰুষ আৰু এগৰাকী মহিলাক হল অফ ফেমত অন্তৰ্ভুক্ত কৰিছে।
ইয়াত পাকিস্তানৰ কিংবদন্তী স্পিনাৰ আব্দুল কাদিৰ, ৱেষ্ট ইণ্ডিজৰ বেটিং কিংবদন্তী শিৱনাৰিন চন্দ্ৰপল আৰু ইংলেণ্ডৰ মহিলা দলৰ প্ৰাক্তন অধিনায়ক চাৰ্লট এডৱাৰ্ডছৰ নাম অন্তৰ্ভুক্ত আছে। ভোটদান প্ৰক্ৰিয়াৰ পিছত তিনিওজনকে হল অফ ফেমত অন্তৰ্ভুক্ত কৰা হৈছিল।
আব্দুল কাদিৰ-
পাকিস্তানৰ কিংবদন্তী স্পিনাৰ আব্দুল কাদিৰে ৬৭ খন টেষ্ট আৰু ১০৪ খন এদিনীয়া খেলিছে। এই সময়ছোৱাত, তেওঁ টেষ্টত ২৩৬ টা উইকেট আৰু এদিনীয়াত ১৩২ টা উইকেট দখল কৰে। তিনি বছৰ আগতে ৬ ছেপ্টেম্বৰ, ২০১৯ত তেওঁৰ মৃত্যু হয়।
আইচিচিৰ দ্বাৰা হল অৱ ফেমত আব্দুল কাদিৰক অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত বৰ্তমান পাকিস্তানৰ হৈ খেলা তেওঁৰ পুত্ৰ উছমান কাদিৰে কয় যে এই সন্মানে নিশ্চয় তেওঁৰ স্বৰ্গীয় পিতৃক অতি গৌৰৱান্বিত কৰিছে। পৰিয়ালৰ হৈ, মোৰ দেউতাক হল অফ ফেমত অন্তৰ্ভুক্ত কৰাৰ বাবে মই আইচিচিক বহুত ধন্যবাদ জনাইছোঁ।
এই বাতৰি শুনাতো পৰিয়ালটোৰ বাবে এটা ডাঙৰ সন্মান। আমি ইয়াক এটা ডাঙৰ সাফল্য হিচাপে চাওঁ আৰু মোৰ দেউতা যদি আজিও আমাৰ সৈতে থাকিলেহেতেন তেন্তে বহুত গৌৰৱান্বিত হ’লহেঁতেন।
শিৱনাৰিণ চন্দ্ৰপল –
ৱেষ্ট ইণ্ডিজৰ কিংবদন্তী শিৱনাৰিণ চন্দ্ৰপলে তেওঁৰ কেৰিয়াৰত ১৬৪ খন টেষ্ট আৰু ২৬৮ খন এদিনীয়া খেলিছে। তেওঁ টেষ্টত ৩০ টা শতক আৰু ৬৬ টা অৰ্ধ-শতকৰ সৈতে ১১,৮৬৭ ৰাণ সংগ্ৰহ কৰিছে। একে সময়তে, তেওঁ এদিনীয়াত ১১ টা শতক আৰু ৫৯টা অৰ্ধ-শতকৰ সৈতে ৮৭৭৮ ৰাণ সংগ্ৰহ কৰিছে। ইয়াৰ উপৰিও, তেওঁ ২২ খন টি-২০ আন্তৰ্জাতিক খেলো খেলিছে। ইয়াত, তেওঁ ৩৪৩ ৰাণ সংগ্ৰহ কৰিছে।
এই সন্মান সন্দৰ্ভত চাদ্ৰাপলে কয় যে আইচিচি হল অফ ফেমত অন্তৰ্ভুক্ত হোৱাটো এক ডাঙৰ সন্মান। মই এই মুহূৰ্তটো পৰিয়াল, বন্ধুবৰ্গ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট অনুৰাগী আৰু সমগ্ৰ বিশ্বৰ অনুৰাগীসকলৰ সৈতে উপভোগ কৰিব বিচাৰো যিসকলে মোৰ সমগ্ৰ কেৰিয়াৰত মোক উৎসাহেৰে সমৰ্থন কৰিছে।
চাৰ্লোট এডৱাৰ্ডছ-
ইংলেণ্ডৰ মহিলা বিশ্বকাপ বিজয়ী অধিনায়ক চাৰ্লোট এডৱাৰ্ডছে তেওঁৰ দীঘলীয়া ক্ৰিকেট কেৰিয়াৰত ১৯১ খন এদিনীয়াত ৫৯৯২ ৰাণ আৰু ৯৫ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ২৬০৫ ৰাণ তথা টেষ্টত ১৬৭৬ ৰাণ সংগ্ৰহ কৰিছে।
আইচিচি হল অফ ফেমত অন্তৰ্ভুক্ত হোৱাৰ পিছত এডৱাৰ্ডছে কয় যে আইচিচি হল অফ ফেমত অন্তৰ্ভুক্ত হোৱাটো এটা ডাঙৰ সন্মান। মই এই মুহূৰ্তটো মোৰ পৰিয়াল আৰু বন্ধুবৰ্গ, মোৰ সতীৰ্থ আৰু মোক সমৰ্থন কৰা সকলো প্ৰশিক্ষকৰ সৈতে ভাগ বতৰা কৰিব বিছাৰিছো আৰু ধন্যবাদ জনাব বিচাৰো।