নিউজ ডেস্কঃ ভাৰতীয় কন্যা সন্তানে কঢ়িয়াই আনিলে ১৯ অনূৰ্ধ্বৰ টি-২০ বিশ্বকাপৰ ট্ৰফী। অতি ভাল খেল প্ৰদৰ্শন কৰি ভাৰতীয় মহিলা দলটোৱে এই শিতাপ অৰ্জন কৰি গৌৰৱান্বিত কৰিলে প্ৰতিগৰাকী ভাৰতীয়ক।

বিশ্বকাপখনৰ ফাইনেল মেচত ইংলেণ্ডৰ বিৰুদ্ধে জয়ী হৈ এই ট্ৰফী কঢ়িয়াই আনে। প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলে আইচিচি ট্ৰফী কঢ়িয়াই আনিবলৈ সক্ষম হয়। 

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰতীয় ছিনিয়ৰ মহিলাৰ দলটোৱে সকলো ফৰ্মেটৰ বিশ্বকাপৰ ফাইনেললৈ গৈছে যদিও আজিলৈ আইচিচি ট্ৰফী আনিবলৈ সক্ষম হোৱা নাই। কিন্তু ১৯ অনূৰ্ধ্বৰ ভাৰতীয় মহিলা দলটোৱে এই শিতাপ অৰ্জন কৰি আনিবলৈ সক্ষম হয়।

মেচখনত ভাৰতে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত কৰে। আৰু ইংলেণ্ডৰ মহিলা দলটোক ১৭.১ অভাৰত মাত্ৰ ৬৮ ৰান সংগ্ৰহ কৰিবলৈ দিয়ে। 

তাৰপাছত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে বেটিং কৰি মাত্ৰ ১৪ অভাৰতে ৩ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৬৯ ৰান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply