ঘুনুচাৰ কথা মনত আছেনে? সেই যে যৌৱনতে বাৰী হোৱা মানুহজনী। নৈৰ পাৰত পুতেকৰ সৈতে থাকিবলগীয়া মানুহজনী! দ্বিজমিত্ৰৰ কথা মনত আছে নে? সেই যে ব্ৰাহ্মণ কন্যাক স্পৰ্শ কৰাৰ বাবেই গাওঁ ত্যাগ কৰিবলগীয়া হৈছিল। আপোনাৰ মনত নাই। ময়ো পুৰণি পুথি-পাজি খুলি পোৱা ঘটনা এয়া। অতুল শৰ্মাৰ কথাবোৰ এতিয়া আপোনাৰ আঙুলিৰ মূৰত। মঙলদৈৰ ঘটনা। বাতৰি হৈছে, সেইবাবে। মানুহজনে কোচ সম্প্ৰদায়ৰ ছোৱালী এগৰাকীক বিবাহ কৰাইছিল। গতিকেই সূচীবায়ুগ্ৰস্থ সমাজখনৰ পৰা এঘৰীয়া হ’বলগীয়া হৈছিল তেওঁ আৰু তেওঁৰ পৰিয়াল। সেই গাওঁত এতিয়া বিভিন্ন মানুহৰ ভিৰ হৈছে, সাংবাদিকে, মানে আমি গাওঁৰ মূৰব্বীক প্ৰশ্ন কৰি ধৰাশায়ী কৰিছো। ক’ত অধিকাৰ পালে? ক’ত অধিকাৰ পালে একে গাওঁৰ এজন লোকৰ মৃতদেহটো পুথি থোৱাৰ? সেই অধিকাৰ কোনে দিলে? সেই অধিকাৰ বৰ্ণবাদে দিছে। সেই সাহস দশক দশক জুৰি, শতিকা জুৰি চলি অহা সমাজব্যৱস্থাই দিছে।

মানৱ ইতিহাসৰ সম্ভৱতঃ সবাতোকৈ ডাঙৰ ব্যাধি। আমেৰিকাত কৃষ্ণাঙ্গ লোকৰ মৃত্যুত Black Lives Matter ৰ ষ্টেটাছ লিখো, অথচ আমিয়েই কও, শালৈ চুবাৰ বিয়াক নাযাও, সি ৰাভাৰ আপী আনছি, তাই গৈৰাৰ টাকে গেল। আজিও অসমৰ গৰিষ্ঠসংখ্যক জনগোষ্ঠীয় লোকে অসমীয়া বুলি নিজকে স্বীকৃতি দিবলৈ নিবিচাৰে। এয়াও বৰ্ণবাদৰেই পৰোক্ষ প্ৰভাৱ। আজিও মোৰ দুই চাৰিজন বন্ধু অবিবাহিত। কাৰণ, তেওঁৰ কুলৰ, তেওঁৰ গোত্ৰৰ কন্যা পোৱা নাই। অইন কূল-গোত্ৰৰ কন্যা ঘৰ চপোৱা মানেই সমাজৰ পৰা এঘৰীয়া। বিভিন্ন অজুহাতত, বিভিন্ন দোষ-ভুলত মানুহক এঘৰীয়া কৰাৰ প্ৰথা এতিয়াও আছে। সেয়া চলিও থাকিব। আইনে সেয়া বন্ধ কৰিব নোৱাৰে। সমাজ সংস্কাৰৰ আন্দোলনবোৰত ৰৈ যোৱা কেৰোণ, হৈ যোৱা ভুলেই ইয়াক চিৰ প্ৰবাহমান কৰি ৰাখিব। নিৰাশ হৈ নহয়, আমি কৈছো চৰম ক্ষোভত, হতাশাত।

সাংবিধানিকেই হওক অথবা সমাজ সংস্কাৰৰ বিভিন্ন আন্দোলনৰ মাজেৰেই হওঁক বৰ্ণবাদক মানৱ ইতিহাসে কেতিয়াও সমাধানৰ কোনো চেষ্টা নকৰিলে। এবাৰ অসমৰ এটা প্ৰতিষ্ঠিত টেলিভিছন চেনেলৰ মুখ্য সম্পাদকৰ মুখতে শুনিছিলো – এইখন জনগোষ্ঠীয় ৰাজ্য, ইয়াত এজন জনগোষ্ঠীয় ব্যক্তিক আঁতৰাই কিদৰে এজন উচ্চবৰ্ণৰ লোকক দায়িত্ব দিব। যদি সমাজৰ এনে একোজন ব্যক্তিৰ অন্তৰৰ পৰা বৰ্ণবাদৰ দৰে ঘৃণনীয় বিষয় আঁতৰাই আনিব পৰা নাই, টেলিভিছনৰ পৰ্দাত তেনে কথা কোৱাৰ ধৃষ্টতা কৰাৰ বাবেও যেতিয়া কাৰো কুন্ঠাবোধ নাই, তেন্তে এনেখন অসমত অতুল শৰ্মাৰ ঘটনা স্বাভাৱিকেই নহয়নে?

দেশ স্বাধীন হোৱাৰ পিছত সম্ভৱতঃ কাগজে কলমে বৰ্ণবাদ কিছু থমকিছে। কিন্তু গ্ৰামীণ সমাজক এতিয়াও বৰ্ণবাদে পিছ এৰা নাই। যদিও কৈছো আম্বেদকাৰৰ বাবেই বৰ্ণবাদে স্বাধীনতাৰ পাছৰ দেশখনক সমূলঞ্চে গ্ৰাস কৰিব পৰা নাই, তথাপি কও, ব্ৰাহ্মণ্যবাদ, উচ্চবৰ্ণৰ হিন্দু, নিম্ন জাতৰ লোক এইবোৰ শব্দই আৰু বহু বছৰলৈ সমাজব্যৱস্থাক নেফানেফ কৰি যাব। আম্বেদকাৰে শ্ৰেণী আৰু বৰ্ণৰ Dichotomisation ক এক ভয়ংকৰ ভুল বুলি ফঁহিয়াই কৈছিল – A Caste is an enclosed Class.  বৰ্ণবাদ এক অভিশাপ । উচ্চবৰ্ণ, নিন্মবৰ্ণ, ভেদাভেদ, কুলাচাৰ, কুলাচাৰ্য্য, কুলীন অকুলীন চবেই কুলাধম । আজিৰ যুগত এই বৰ্বৰ প্ৰথা বোৰ সভ্যতাৰ পৰিপন্থী, প্ৰগতিৰ অন্তৰায়।

বৰ্ণবাদ আছে বুলি আমি মানি ল’ব লাগিব। নিম্নবিত্তৰ লোকসকল বিত্তশালীৰ আৰ্থিক শোষণৰ পৰা মুক্ত হ’বই লাগিব। বৰ্ণবাদৰ কথা চৰ্চিত হোৱাৰ মাজতে দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজে ১৯-০৩-২০১৬ তাৰিখে ৯২ সংখ্যক ভেৰুৱা অধিবেশনৰ বিষয় বাচনি সভাত গৃহীত কৰা কেইটামান প্ৰস্তাৱ দেখিবলৈ পালো –

তেওঁলোকে এইকেইটা বিষয়ক সমাজৰ পৰিপন্থী কাৰ্য বুলি উল্লেখ কৰিছে –

১) অব্ৰাহ্মণক কন্যা সম্প্ৰদান কৰা।

২) অব্ৰাহ্মণৰ কন্যা নিজৰ পুত্ৰ বধুৰূপে গ্ৰহণ কৰা।

৩) স্বেচ্ছাই অব্ৰাহ্মণৰ বিবাহিত কন্যাৰ সৈতে সু-সম্পৰ্ক ৰখা।

৪) অবাধ্য পুত্ৰই পাণি গ্ৰহণ কৰা অব্ৰাহ্মণৰ কন্যাক বোৱাৰী ৰূপে স্বীকৃতি দিয়া।

৫) অব্ৰাহ্মণ বোৱাৰী/ বিতৰ্কিত ব্যক্তিৰ পংক্তিভুক্ত হৈ শান্তি নিৰ্মালি গ্ৰহণ/ ভোজন কৰা।

৬) বৰ্ণসংকৰ বালক/ বালিকাৰ জাত কৰ্মাদি কৰা।

৭) বিতৰ্কিত ব্যক্তিৰ মৰণোত্তৰ ক্ৰিয়া কাণ্ডাদিত অংশগ্ৰহণ আৰু পৌৰহিত্য কৰা।

ইয়াৰ বাখ্যা আগনবঢ়াও। এইবোৰ চলিয়েই আছে, অলক্ষিতে অথচ অগোপনে। যেনে ধৰক কৈৱৰ্ত্যৰ ঘৰত, কোঁচ কলিতা,আহোম,চুতীয়া ৰাভাই নাখায় বা বৈবাহিক সম্পৰ্ক ৰক্ষা নকৰে। বামুণে সুদিৰৰ ঘৰত নাখায় বা বৈবাহিক সম্বন্ধ স্থাপন নকৰে। আজিকালি আকৌ কিছুমান কৈৱৰ্ত্যই বামুনীয়া মানুহৰ ঘৰতো নাখায়। এইফালে আহোম গাওঁ‌, এই ফালে কোঁচৰ গাওঁ‌,কৈৱৰ্ত্যৰ গাওঁ‌, ৰাভা গাওঁ‌। এইটো উপাধি কিয় লিখা, এইটো কিয় নিলিখিলা? সুদিৰ, বামুণ, গণক, নামৰীয়া, বামুনীয়া, শংকৰী, কৃষ্ণগুৰু, একশৰন ভাগৱতীয়া এইবোৰতো আছেই। জাতি, ভেদ, জাত, পাত, বৰ্ণবাদ। শেষত নাম দিম জাত যোৱা, এঘৰীয়া হোৱা!নিম্নবৰ্ণৰ বুলি নকৈ নিম্নবিত্ত বা দৰিদ্ৰ শ্ৰেণীৰ লোক সকলৰ আত্মসন্মানবোধৰ অভাৱ থকালৈকে এই বৰ্ণবাদ জীয়াই থাকিব, চলিয়েই থাকিব। সমাজৰ কোনো আইনে এই কুপ্ৰভাৱৰ পৰা সমাজক মুক্ত কৰিব নোৱাৰে। আৰু এই আত্মসন্মানবোধ যিদিনা জাগ্ৰত হ’ব সিদিনাই ঘৰত হাজিৰা কৰিবলৈ অহা মানুহজন আৰু ঘৰত ধৰ্মীয় কামৰ বাবে অহা পূজাৰী বা ব্ৰাহ্মণজনৰ মাজত কোনো পাৰ্থক্য নাই বুলি অনুভৱ কৰিব। যিদিনা এই আত্মসন্মানবোধ জাগ্ৰত হ’ব সেইদিনা তেওঁৰ হাতেৰে আনে খাবলৈ বা তেওঁ খাদ্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ নকৰিব। এনেকুৱা এখন আত্মসন্মাবোধ থকা সমাজহে বৰ্ণবাদৰ কুসংস্কাৰৰ পৰা মুক্ত হোৱা সম্ভৱ। আমি তথাকথিত শিক্ষিত হৈয়ো আজিও আমি এনেকুৱা মানসিকতা ল’ব পৰা নাই। এই কাম আমি কৰিব লাগিব গ্ৰামীণ পৰ্যায়ৰ পৰা। এই যে চুবা আছে, এই যে উপাধি ভিত্তিক গাওঁ আছে, সেইবোৰৰ পৰাই আৰম্ভ হ’ব লাগিব বৰ্ণবাতদৰ কলীয়া ডাৱৰ আঁতৰ কৰাৰ চৰ্চা। ইমানতে সামৰিছো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply