নিউজ ডেস্কঃ কোভিড মহামাৰীৰ বাবে ভাৰতে প্ৰদান কৰা ভেকচিন এতিয়া অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ভেকচিন প্ৰদান কৰি বৰ্তমানো ভাৰতত শেষ হোৱা নাই যদিও অন্য ৰাষ্ট্ৰবোৰত কৈ ভাৰতত ভেকচিন গ্ৰহণ কৰা লোকৰ সংখ্যা যথেষ্ট বেছি।
যি সময়ত কভিড মহামাৰীৰ বাবে ৰাষ্ট্ৰ সমূহ অৰ্থনৈতিক ভাৱে দুৰ্বল হৈ পৰিছে সেই সময়তে ভাৰতে বৰ্তমানো বিনামূলীয়াকৈ প্ৰদান কৰি আছে কভিড ভেকচিন।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি এক প্ৰেচ বিবৃতি জৰিয়তে জনাই যে, দেশজুৰি বৰ্তমানলৈকে ২২০.৬৫ কোটি মুঠ কোভিড ভেকচিন প্ৰদান কৰা হৈছে। লগতে, বিগত ২৪ ঘণ্টাত ১৫,৭৮৪ টা ড’জ প্ৰদান কৰা হয়।
আনহাতে, ভাৰতৰ বৰ্তমান সক্ৰিয় কোভিত আক্ৰান্ত ৰোগীৰ সংখ্যা বৰ্তমান ১৩,৫০৯ জন অৰ্থাৎ ০.০৩% । আৰোগ্য হোৱা ৰোগীৰ হাৰ ৯৮.৭৮% ।
ইফালে, বিগত ২৪ ঘণ্টাত ১,৩৯৬ জন আৰোগ্য লাভৰ ফলত মুঠ বৰ্তমান লৈকে ভাৰতত আৰোগ্য ৰোগীৰ সংখ্যা ৪,৪১,৬৮,৩২১ জন। ২৪ ঘন্টাত ৩,০১৬ জন ব্যক্তি নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে।
উল্লেখযোগ্য যে, বিগত ২৪ ঘন্টাত ১,১০,৫২২ টা কভিড পৰীক্ষা কৰা হৈছে আৰু বৰ্তমানলৈকে সৰ্বমুঠ ভাৰতত ৯২.১৪ কোটি কভিড পৰীক্ষা কৰা হৈছে।
লগতে পঢ়ক – কাজিৰঙা গজ মহোত্সৱলৈ দেশৰ মহামহিম দ্ৰৌপদী মুৰ্মু