ৰাজৰ্ষি চহৰীয়া

India is Shining, India is Growing. ভাৰত হ’বলৈ গৈ আছে সমগ্ৰ বিশ্বৰ ভিতৰত তৃতীয় অৰ্থনৈতিক ৰাষ্ট্ৰ। আচৰিত নহ’ব এই কথা আমি কোৱা নাই; Global Investment Bank মৰ্গান ষ্টেনলীয়ে এই সম্ভাৱনা প্ৰকাশ কৰিছে এক সমীক্ষাত। 

মৰ্গান ষ্টেনলীৰ সমীক্ষাত উল্লেখ কৰা হৈছে যে- ভাৰত অহা ১০ বছৰৰ ভিতৰত বিশ্বৰ তৃতীয় অৰ্থনীতি হ’বলৈ গৈ আছে। Why this is India’s decade শীৰ্ষক সমীক্ষাত ভাৰতৰ অৰ্থব্যৱস্থাক আকাৰ প্ৰদান কৰা প্ৰৱণতা আৰু নীতিৰ অধ্যয়ন কৰা হয়।

সমীক্ষাত উল্লেখ কৰা হৈছে যে- ভাৰতে অৰ্থনীতিৰ দিশত শক্তিশালী হৈ গৈ আছে আৰু আমাৰ অনুমান মতে এটা দশকৰ ভিতৰত ভাৰতৰ অৰ্থনীতি উৰ্ধগামী হ’ব। ইয়াৰ দ্বাৰা বিনিয়োগকাৰী আৰু কোম্পানীসমূহৰ হ’ব লাভ। 

চাৰিটা Global Trends ক্ৰমে- জনগাঁথনি, ডিজিটেলাইজেশ্যন, ডিকাৰ্বনাইজেশ্যন আৰু ডিগ্লোবলাইজেশ্যন এই আটাইকেইটা ভাৰতৰ পক্ষত গৈ থকা পৰিলক্ষিত হৈছে। আৰু ইয়াকে সমীক্ষাত কোৱা হৈছে নতুন ভাৰত। উক্ত সমীক্ষা অনুসৰি এই দশকৰ শেষৰ ভাগলৈ ভাৰতে বিশ্বৰ সামগ্ৰিক বিকাশৰ এক-পঞ্চমাংশত আগবাঢ়ি যাব।

এই সমীক্ষাত উল্লেখ কৰা হৈছে যে পৰৱৰ্তী দশকৰ অন্তিম ভাগলৈকে ভাৰতত থকা পৰিয়ালৰ সংখ্যা ৫ গুণ অধিক বৃদ্ধি পাব আৰু প্ৰতি বছৰে ৩৫ হাজাৰ ডলাৰৰো অধিক উপাৰ্জন হ’ব।  ২০৩১ চনলৈকে ভাৰতৰ ডিজিি দুগুণ বৃদ্ধি পাই হ’বগৈ ৭.৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰ অৰ্থাৎ ৬২০ লাখ কোটি টকা। 

আৰু ইয়াৰ কাৰণ হৈছে পৰিয়ালৰ উপাৰ্জন বৃদ্ধি। 

তাৰ পাছৰ দশকত আকৌ ডিজিপি ১১ শতাংশ বৃদ্ধি হৈ ১০ ট্ৰিলিয়ন আমেৰিকাৰ ডলাৰ অৰ্থাৎ ৮২৭ লাখ কোটি টকা হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। 

আৰু এটা ভাল লগা খবৰ এইটো যে- সমীক্ষাত উল্লেখ কৰা হৈছে ২০৩১ চনলৈকে প্ৰায় প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ আয় ৫ হাজাৰ ২৪২ ডলাৰ হ’বগৈ। 

(গ্লোবেল ইন-হাউচ চেণ্টাৰ), যাক সম্পৰ্ক কেন্দ্ৰ বা বন্দী বুলিও জনা যায়, হৈছে 1990-ৰ দশকত উদ্ভৱ হোৱা অফশ্বৰ ইউনিটবোৰ হৈছে সংগঠনবোৰৰ বাবে ব্যয় হ্ৰাস কৰাৰ এক সৰ্বশ্ৰেষ্ঠ উপায়। ডিজিটেলকৰণে ব্যৱসায়সমূহক বিশ্ববজাৰত তেওঁলোকৰ উপস্থিতি বৃদ্ধি কৰাৰ সুযোগ দিছিল।

ইফালে, যোৱা দুবছৰত ভাৰতত Global In-House Captive Centerৰ সংখ্যা পূৰ্বৰ চাৰি বছৰৰ তুলনাত প্ৰায় দুগুণ বৃদ্ধি পাইছে। মৰ্গান ষ্টেনলীৰ সমীক্ষা অনুসৰি, কোৰোনা মহামাৰীৰ দুটা বছৰৰ সময়চোৱাত ভাৰতত এই উদ্যোগত কাম কৰা লোকৰ সংখ্যা ৪৩ লাখৰ পৰা ৫১ লাখলৈ বৃদ্ধি পাইছে আৰু বিশ্বব্যাপী সেৱাসমূহৰ ব্যৱসায়ত ভাৰতৰ অংশ ৪.৩ শতাংশ হৈছেগৈ। 

অহা দশকত ভাৰতত বহিঃৰাষ্ট্ৰত কাম কৰা লোকৰ সংখ্যা দুগুণ বৃদ্ধি হৈ ১০ লাখৰো অধিক হোৱাৰ সম্ভাৱনা আছে আৰু ২০৩০চনলৈ আউটচৰ্চিংত বিশ্বব্যাপী ব্যয় প্ৰতি বছৰে প্ৰায় ৫০০ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি হ’ব পাৰে। প্ৰতিবেদন অনুসৰি, ইয়াৰ প্ৰভাৱ পৰিব বাণিজ্যিক আৰু আৱাসিক স্থিৰ সম্পত্তিৰ চাহিদাৰ ওপৰত।

ইয়াৰ উপৰিও প্ৰতিবেদনত অনুমান কৰা হৈছে যে- ২০৩১ চনৰ ভিতৰত জিডিপিত ভাৰতৰ উৎপাদন খণ্ডৰ অংশ ২১ শতাংশলৈ বৃদ্ধি পাব, যাৰ অৰ্থ হ’ব উৎপাদনৰ সুযোগ ১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ ৮২.৭ লাখ কোটি টকা বৃদ্ধি। 

আনহাতে, ভাৰতৰ বিশ্বব্যাপী ৰপ্তানি বজাৰৰ অংশীদাৰিত্বও ২০৩১ চনৰ ভিতৰত ৪.৫ শতাংশ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত ৰপ্তানিৰ সুযোগ ১.২ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ প্ৰায় ৯৯ লাখ কোটি টকালৈ বৃদ্ধি পাব পাৰে। আৰু ভাৰতৰ সেৱা ৰপ্তানিও অহা দশকৰ ভিতৰত প্ৰায় তিনিগুণ বৃদ্ধি পাই ৫২৭ বিলিয়ন ডলাৰ হ’ব। যি ২০২১ চনত আছিল ১৭৮ বিলিয়ন ডলাৰ।

এতিয়া জনাম মৰ্গান ষ্টেনলীৰ সমীক্ষাত উল্লেখ কৰা কেইটামান বিশেষ পইন্ট- 

  • ২০৩১চনৰ ভিতৰত ভাৰতত ই-কমাৰ্চৰ অনুপ্ৰৱেশ ১২.৩ শতাংশলৈ বৃদ্ধি পাব। 
  • আগন্তুক ১০ বছৰত ভাৰতত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ৬৫  কোটিৰ পৰা ৯৬ কোটিলৈ বৃদ্ধি পাব আৰু অনলাইন সামগ্ৰী ক্ৰয় কৰা লোকৰ সংখ্যা ৭০ কোটি হ’বগৈ।
  • প্ৰযুক্তি সেৱাৰ ক্ষেত্ৰত ভাৰতৰ কৰ্মশক্তি ২০৩১ চনলৈ ১.২২ কোটিলৈ বৃদ্ধি পাব। ২০২১ চনত এই সংখ্যা ৫১ লাখ। 
  • ভাৰতত স্বাস্থ্যসেৱাৰ অনুপ্ৰৱেশ ৬০-৭০ শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত ৪০ কোটি নতুন লোকে আনুষ্ঠানিক স্বাস্থ্যসেৱা ব্যৱস্থাত প্ৰৱেশ কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply