নিউজ ডেস্কঃ ভাৰতীয় বায়ু সেনা দিৱসৰ দিনটোত বায়ুূসেনাৰ প্ৰমুখ এয়াৰ ছীফ মাৰ্শ্বেল বি আৰ চৌধুৰীয়ে কয় যে- অহা বছৰত বায়ু সেনাত মহিলাসকলৰ বাবেও অগ্নিবীৰত ভৰ্তি আৰম্ভ হ’ব। লগতে তেওঁ কয় যে- বৰ্তমান সময়ত যুদ্ধৰ ৰণনীতি সলনি হৈছে, আৰু সেই অনুসৰি আমিও সাজু থাকিব লাগিব।
চণ্ডীগড়ত ৯০ সংখ্যক বায়ু সেনা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি এনেদৰে কয় এয়াৰ ছীফ মাৰ্শ্বেল বি আৰ চৌধুৰীয়ে।
তেওঁ আৰু কয় যে- এই ঐতিহাসিক ক্ষণত মই ঘোষণা কৰিব বিচাৰিছো যে- কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় বায়ু সেনাত বিষয়াসকলৰ বাবে এটা অস্ত্ৰ প্ৰণালী শাখা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মঞ্জুৰী প্ৰদান কৰিছে।
উল্লেখ্য যে, ছণ্ডীগড়ৰ আকাশত আজি এয়াৰ শ্ব প্ৰদৰ্শন কৰা হয়। আজিৰ অনুষ্ঠানটিত উপস্থিত থাকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সি, আৰু ৰাজ্যখনৰ প্ৰায় ৩৫ হাজাৰ লোক।