নিউজ ডেস্কঃ ভাৰত আৰু শ্ৰীলংকাৰ মাজত চলি থকা টি-২০ শৃংখলা সমাপ্তিৰ পিছতে আৰম্ভ হ’ব দুয়োটা দলৰ মাজত এদিনীয়া শৃংখলা৷ গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ১০ জানুৱাৰীত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ।

ইফালে, আজি সন্ধিয়া ৭.৫৫ বজাত গুৱাহাটীত উপস্থিত হ’বহি দুয়োটা দলৰ খেলুৱৈসকল। আৰু তেওঁলোক থাকিব গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত।

গুৱাহাটীত উপস্থিত হোৱাৰ পিছত অহা ৯ জানুৱাৰীত দুয়োটা দলে বৰ্ষাপাৰাত অনুশীলন কৰিব। ৯ জানুৱাৰীৰ বিয়লি ১ বজাৰ পৰা ৪ বজালৈ শ্ৰীলংকাই আৰু আৱেলি ৫ বজাৰ পৰা ৮ বজালৈ  ভাৰতীয় দলে কৰিব অনুশীলন।

উল্লেখ্য় যে, যোৱাবাৰৰ খেলখনত কাৰিকৰী বিজুতিৰ বাবে মেচৰ মাজতে ষ্টেডিয়ামত লাইট বন্ধ হৈছিল যদিও এইবাৰ টেণ্ডাৰিঙৰ যোগেদি পুৰণা লাইট সলনি কৰাৰ ব্যৱস্থা কৰা হৈছে৷

আনহাতে, ৩০ হাজাৰৰ পৰা ৩২ হাজাৰলৈ টিকট বিক্ৰী কৰাৰ লক্ষ্য লৈছে অসম ক্ৰিকেট সন্থাই। ১০ হাজাৰ টকীয়া টিকট অনলাইনত এতিয়াও দৰ্শকৰ বাবে উপলব্ধ আছে।

লক্ষণীয় যে, এইবাৰ সাপ নোসোমাবৰ বাবে ষ্টেডিয়ামত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এণ্টি স্নেক নামৰ এন জি অ’ক দায়িত্ব দিয়া হৈছে৷ লগতে খেলপথাৰৰ প্ৰতিটো নলাতে ব্যৱহাৰ কৰা হ’ব ৰাসায়নিক দ্ৰব্য৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply