ৰাজৰ্ষি চহৰীয়া
Iron Man. শব্দটো শুনিয়েই হলিউডৰ ছবিৰ এটা চৰিত্ৰলৈ নিশ্চয় মনত পৰিছে। অৱশ্যে সেয়া কাল্পনিক চৰিত্ৰ। কিন্তু ভাৰতৰ Iron Man অৰ্থাৎ লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেল। যি ভাৰত আৰু ভাৰতবাসীৰ বাবে সমগ্ৰ জীৱনকাল কাম কৰি গৈছিল, স্বাধীন কৰিছিল দেশ মাতৃক।
আজি তেওঁৰ জন্ম জয়ন্তী । সমগ্ৰ ভাৰতবাসীয়ে আজি তেওঁক স্মৰণ কৰিছে, জনাইছে শ্ৰদ্ধাঞ্জলি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱা ভাগত নেহৰু ষ্টেডিয়ামত ভাৰতৰ লৌহ মানৱ গৰাকীৰ জন্ম জয়ন্তী ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে একতাৰ দৌৰ কাৰ্যসূচীৰ ফ্লেগ অফ কৰে।
ভাৰতীয় গণতন্ত্ৰৰ অন্যতম প্ৰতিষ্ঠাপক চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম হয় ১৮৭৫ চনৰ ৩১ অক্টোবৰত। তেওঁৰ পিতৃৰ নাম ঝাভেৰ ভাই পেটেল আৰু মাতৃৰ নাম লাড়ঝাই।
সৰুতে গাঁৱৰে এখন প্ৰাথমিক বিদ্যালয়ত তেওঁক নামভৰ্তি কৰি দিছিল পিতৃ-মাতৃয়ে। তাৰপাছত তেওঁ উচ্চ শিক্ষা লাভ কৰাৰ উদ্দেশ্যেৰে নাদিয়াদ লৈ গুচি যায়। হাইস্কুলত পঢ়ি থকা সময়তে মাত্ৰ ১৮ বছৰ বয়সতে তেওঁক পিতৃ-মাতৃয়ে বিবাহ কৰাই দিছিল। তেওঁৰ পত্নীৰ নাম ঝবেৰ ভাই।
তাৰপাছত নাদিয়াদৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ কৰাৰ পাছতে তেওঁ পেটেল কলেজত নামভৰ্তি কৰিব বিচাৰে যদিও ঘৰৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱা বাবে তেওঁ সিমানতে পঢ়া জীৱন সামৰিব লগীয়া হয়।
পাছলৈ আৰ্থিক অৱস্থা কিছু সচ্চল হোৱাত তেওঁ ইংলেণ্ডলৈ বেৰিষ্টাৰী পঢ়াৰ উদ্দেশ্যে মিডল টেম্পল কলেজত বেৰিষ্টাৰী পঢ়ে। আৰু বেৰিষ্টাৰী শিক্ষা শেষ কৰি তেওঁ ঘূৰি আহে ভাৰতলৈ।
চৰ্দাৰ বল্লভ ভাই পেটেলে ফৌজদাৰী মোকৰ্দমা চলোৱাত বিশেষ সুখ্যাতি অৰ্জন কৰিছিল। ১৯১২চনত তেওঁ আহমেদাবাদত ওকালতি কৰিবলৈ লয় আৰু সেই সময়চোৱাত তেওঁৰ পত্নীৰ বিয়োগ ঘটে। চৰ্দাৰ বল্লভ ভাই পেটেলে পত্নীৰ বিয়োগৰ পাছতো ওকালতি অব্যাহত ৰাখে আৰু দৰিদ্ৰজনৰ মাজত সোমাই তেওঁলোকৰ সেৱাত মনোনিবেশ কৰে।
৫ বছৰ পাছত অৰ্থাৎ ১৯১৭ চনত মহাত্মা গান্ধীয়ে চাম্পাৰণত মেজিষ্ট্ৰেটৰ হুকুম অমান্য কৰি তেওঁৰ কাম সমাধা কৰিবলৈ ওলোৱাৰ কথা শুনাৰে পৰা চৰ্দাৰ বল্লভভাই মহাত্মা গান্ধীৰ প্ৰতি আকৰ্ষিত হয় আৰু তেতিয়াৰে পৰাই তেওঁ সংগ্ৰামত সোমাই পৰি গুজৰাটৰ সভাত যোগদান দিয়ে।
গুজৰাট সভাই বেগাৰি প্ৰথাৰ বিৰুদ্ধে এই আন্দোলনৰ কাৰ্যসূচী হাতত লয়। এই আন্দোলনৰ ফলত বেগাৰি খটা মানুহৰ দুখ-দুৰ্গতি বহুখিনি কমাবলৈ সক্ষম হয়। সেই সময়তে আহমদাবাদত প্লেগ মহামাৰিয়ে দেখা দিয়াত চৰ্দাৰ বল্লভভাই পেটেলে এই ৰোগী সকলৰ ওচৰলৈ গৈ তেওঁলোকৰ সেৱাত ব্ৰতী হৈছিল।
চৰ্দাৰ পেটেলে দৰিদ্ৰ জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা এনে সেৱাৰ মনোভাৱৰ বাবে মহাত্মা গান্ধীয়ে তেওঁৰ ভূয়সী প্ৰশংসা কৰে। ১৯১৭ চনত ছৰ্দাৰ বল্লভভাই পেটেল আহমদাবাদ মিউনিচিপালিটীৰ সদস্য হৈ মিউনিচিপালিটীৰ স্বায়ত্ত্ব শাসনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ যুঁজ দিয়াৰ উপৰিও চহৰখন নিকা কৰিবলৈ আৰু নাগৰিক সকলৰ কৰ্তব্যনিষ্ঠাৰ প্ৰতি সজাগ হ’বলৈ আহ্বান জনাইছিল।
ইয়াৰ পাছত ১৯১৯ চনত ৰাওলাট আইনৰ বিৰুদ্ধে আহমদাবাদত বাহিৰ কৰা সমদলৰ নেতৃত্ব দিছিল চৰ্দাৰ বল্লভভাই পেটেলে। ১৯২০ চনত কলকাতাত জাতীয় কংগ্ৰেছৰ এখন অধিবেশন অনুষ্ঠিত কৰা হয় আৰু এই অধিবেশনতে অসহযোগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
মহাত্মা গান্ধীৰ নেতৃত্বত চলা এই আন্দোলনত স্বদেশী বস্ত্ৰ গ্ৰহণ, বিদেশী বস্ত্ৰ ত্যাগৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। গান্ধীয়ে চৰকাৰে প্ৰদান কৰা কেশৰী হিন্দ উপাধি ত্যাগ কৰে। মহাত্মা গান্ধীৰ এই সিদ্ধান্তৰ পাছতে মতিলাল নেহৰু, চিত্তৰঞ্জন দাস, বল্লভভাই পেটেল আদি আইনজীৱীসকলে ওকালতি ত্যাগ কৰে।
চৰ্দাৰ বল্লভ ভাই পেটেলে ১৯২১ চনত আহমদাবাদত জাতীয় কংগ্ৰেছৰ অধিবেশন বহে আৰু এই অধিবেশনত সভাপতিত্ব কৰিছিল । তিনি বছৰ পাছত অৰ্থাৎ ১৯২৪ চনত আহমদাবাদ নগৰ কমিটীৰ নিৰ্বাচনত ছৰ্দাৰ বল্লভভাই পেটেলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। দলপতি হিচাপে তেওঁ নগৰ কমিটীৰ অধ্যক্ষ নিৰ্বাচিত হয়।
১৯২৭ চনত পুনৰ আহমদাবাদ নগৰ কমিটীৰ নিৰ্বাচনত জয়ী হৈ পুনৰ তেওঁ অধ্যক্ষ নিৰ্বাচিত হয়। ইয়াৰ পিছত ব্ৰিটিছ চৰকাৰে ভাৰতবাসী শোষণৰ উদ্দেশ্যে লোণ আইন প্ৰৱৰ্তন কৰি লোণৰ ওপৰত অত্যধিক কৰ বহুৱাইছিল। ১৯৩০ চনত মহাত্মা গান্ধীয়ে ব্ৰিটিছ চৰকাৰক এই লোণ আইন উঠাই ল’বলৈ দাবী জনায়, কিন্তু চৰকাৰে এই দাবীৰ প্ৰতি সঁহাৰি নজনোৱাত মহাত্মা গান্ধীয়ে নিজৰ আশ্ৰমৰ পৰা ২০০ মাইল দুৰত্বত থকা সাগৰৰ পাৰৰ দাণ্ডি নামৰ গাঁৱলৈ যাত্ৰা আৰম্ভ কৰি, তাত নিজ হাতে লোণ তৈয়াৰ কৰি, লোণ আইন ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
সেই মৰ্মে ১৯৩০ চনৰ ১২ মাৰ্চত মহাত্মাই ৭৯ জন সতীৰ্থৰে দাণ্ডিযাত্ৰা আৰম্ভ কৰে। খোজকাঢ়ি ২০ দিনৰ মূৰত দাণ্ডিত উপস্থিত হৈ সাগৰৰ পৰা এডোখৰ লোণ তুলি, লোণ আইন ভংগ কৰে। গান্ধীৰ এই যাত্ৰাত ছৰ্দাৰ বল্লভভাই পেটেল আছিল অন্যতম। এই আন্দোলনৰ বাবে মহাত্মাক ৫ মে’ত গ্ৰেপ্তাৰ কৰে আৰু ছৰ্দাৰ বল্লভভাই পেটেলক তিনিমাহ কাৰাবৰণ আৰু অতিৰিক্ত ৫০০ টকা জৰিমনা কৰে। এই জৰিমনা দিবলৈ অস্বীকাৰ কৰাত তেওঁক অতিৰিক্তভাবে তিনি সপ্তাহ বেছিকৈ কাৰাবাস দিয়ে।
এইবোৰৰ পাছত ১৯৩৬-৩৭ চনত কংগ্ৰেছ পাৰ্লিয়ামেণ্টৰী শাখা কমিটীৰ চেয়াৰমেন নিযুক্ত হয় চৰ্দাৰ বল্লভভাই পেটেল। ১৯৪২ চনৰ ৮ আগষ্টত বোম্বাইত বহা জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰত-ত্যাগৰ প্ৰস্তাৱ গৃহীত কৰে। ৯ আগষ্টৰ দিনা মহাত্মা গান্ধী, সৰোজিনী নাইডু , ছৰ্দাৰ বল্লভভাই পেটেল আদি নেতা সকলক গ্ৰেপ্তাৰ কৰা হয়।
১৯৪৬ চনত অন্তৰ্ৱতী চৰকাৰ গঠন কৰিবলৈ ভাইচৰয়ে নেহৰুক আমন্ত্ৰণ জনায় আৰু ১২ ছেপ্টেম্বৰত নেহৰুৱে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে। ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰত স্বাধীন হোৱাৰ পিছত জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰিত্বত চৰ্দাৰ বল্লভভাই পেটেলে গৃহমন্ত্ৰীৰ দায়িত্ব পালন কৰে। আৰু ১৯৫০চনৰ ১৫ ডিচেম্বৰত বোম্বাইত চৰ্দাৰ বল্লভ ভাই পেটেলৰ পৰলোকপ্ৰাপ্তি ঘটে।
আজি সেইগৰাকী লৌহ মানৱৰ জন্ম জয়ন্তী। কিমান ত্যাগ কৰিছিল তেওঁ নিজৰ মাতৃ ভূমিৰ বাবে। যাৰ বাবে তেওঁক কোৱা হয় Iron Man of India। আৰু তেওঁৰ সুুউচ্চ প্ৰতিমূৰ্তি সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি উচ্চ প্ৰতিমূৰ্তি। যাক জনা যায় Statue of Unity হিচাপে।