নিউজ ডেস্কঃ প্ৰথমবাৰৰ বাবে ভাৰতীয় নৌসেনাত নিযুক্তি দিয়া হ’ব মহিলাক। নৌ সেনা দিৱসৰ প্ৰাকক্ষণত এই ঘোষণা কৰিছে নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰে।
এডমিৰেল গৰাকীয়ে কয় যে- ভাৰতীয় নৌ সেনা বাহিনীত প্ৰথমবাৰৰ বাবে নিযুক্তি দিয়া হ’ব মহিলাক। অগ্নিবীৰৰ প্ৰথম বেটছৰ ভিতৰত ৩৪১ গৰাকী মহিলাক নৌ সেনাৰ নাবিক হিচাপে নিযুক্তি দিয়া হ’ব।
তেওঁ লগতে কয়- এই পদৰ বাবে মহিলাসকলক পুৰুষৰ সমান্তৰালকৈ প্ৰশিক্ষণ দিয়া হৈছে। আৰু ভাৰতীয় মহাসাগৰত চীনৰ সামৰিক আৰু গৱেষণামূলক জাহাজৰ চলাচলৰ ক্ষেত্ৰত ভাৰতীয় নৌ সেনাই নিৰীক্ষণ ৰাখিছে।