নিউজ ডেস্কঃ ছুপাৰ হিৰ’ৰ ফিল্ম প্ৰায় সকলোৰে প্ৰিয়। মাৰ্ভেল আৰু ডিচি কমিকছৰ আধাৰত নিৰ্মাণ কৰা বহু কেইখন ছবি ইতিমধ্যে মুকলি হৈছে ছবিগৃহত। আৰু ইয়াৰ ভিতৰত সৰ্বাধিক ভাল পোৱা ছুপাৰ হিৰ’ হৈছে স্পাইডাৰ মেন (Spider Man)। 

আমেৰিকা, ব্ৰিটেইন বা আনবোৰ বহিঃৰাষ্ট্ৰৰ লগতে এই ছবিসমূহৰ বৃহৎ সংখ্যক দৰ্শক ভাৰততো আছে। আৰু প্ৰথমবাৰৰ বাবে ভাৰতত স্পাইডাৰ মেনৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি নতুন স্পাইডাৰ মেনঃ বিয়ণ্ড দ্য স্পাইডাৰ ভাৰ্ছ (SPIDER-MAN: ACROSS THE SPIDER-VERSE)ত দৰ্শকে দেখিবলৈ পাব ভাৰতীয় স্পাইডাৰ মেনক। 

ভাৰতীয় স্পাইডাৰ মেনৰ নাম ছবিখনত পবিত্ৰ প্ৰভাকৰ। যি মাৰ্ভেল কমিকছতো উল্লেখ কৰা আছে। উল্লেখ্য যে, এইখন সম্পূৰ্ণ ৰূপে এনিমেটেড ছবি। আৰু এই চৰিত্ৰটোৰ বাবে ভইচ অভাৰ কৰিছে ভাৰতীয় ক্ৰিকেটাৰ সুভমন গিলে। 

এই ছবিখন চলিত বৰ্ষৰে ২ জুনত ভাৰতৰ ছবিগৃহত মুক্তি লাভ কৰিব। আৰু ছবিখন ভাৰতীয় দৰ্শকে আদৰি ল’ব বুলি আশাবাদী ছবিখনৰ পৰিচালক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply